অসম

assam

ETV Bharat / city

ধিঙৰ ক‘ভিড-19 ৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰত ব্যাপক ভিৰ - ক’ভিড 19

ধিঙৰ মহকুমা চিকিৎসালয়ত ক’ভিড-19 প্ৰটকল ভংগৰ ভয়ানক দৃশ্য ৷ ক‘ভিড-19 ৰ প্ৰতিষেধক আৰু পৰীক্ষাৰ বাবে ব্যাপক ভিৰ ৰাইজৰ ৷

কৰ’ণাতংক : প্ৰটকল ভংগ কৰি ধিঙত ব্যাপক ভীৰ
কৰ’ণাতংক : প্ৰটকল ভংগ কৰি ধিঙত ব্যাপক ভীৰ

By

Published : Apr 27, 2021, 6:40 PM IST

চামগুৰি, 27 এপ্ৰিল :ৰাজ্যজুৰি অব্যাহত আছে কৰ’ণাৰ আতংক ৷ দেশৰ অন্যান্য প্ৰান্তৰ দৰে অসমতো দিনক দিনে বৃদ্ধি পাইছে কৰ’ণাত আক্ৰান্তৰ সংখ্যা ৷ ইতিমধ্যে ৰাজ্যত নিশাৰ ভাগত জাৰী কৰা হৈছে সান্ধ্য আইন ৷ জানিব পৰা মতে, ক’ভিড পৰীক্ষা আৰু ক’ভিড-19 ৰ প্ৰতিষেধক লোৱাৰ বাবে শতাধিক লোকে ভিৰ কৰিছে ধিঙৰ মহকুমা চিকিৎসালয়ত ৷

চিকিৎসালয়ত উপস্থিত হোৱা প্ৰায় সংখ্যক লোকে মাস্ক পৰিধান কৰিছে যদিও পালন কৰা নাই সামাজিক দুৰত্ব ৷ ভিৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চিকিৎসালয়ৰ কৰ্তৃপক্ষই কোনো দায়িত্ব পালন কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে একাংশ ৰাইজে ৷ উল্লেখ্য যে, ধিং মহকুমা চিকিৎসালয়ত চিকিৎসাধীন কেইবাগৰাকী ৰোগীৰ লগতে ধিং আৰু বটদ্ৰৱাৰ পৰা পৰীক্ষা কৰিব অহা দুই এজন ব্যক্তিৰ দেহতো ইতিমধ্যে ধৰা পৰিছে কৰ’ণাৰ উপস্থিতি ৷

লগতে পঢ়ক :কলিয়াবৰত নতুনকৈ ১৪ গৰাকী লোক কৰ'ণাত আক্ৰান্ত

ABOUT THE AUTHOR

...view details