ৰূপহীহাট, 15 ডিচেম্বৰ: সময়ে সময়ে একাংশ ঠিকাদাৰে নিজকে বিজেপি নেতা বুলি পৰিচয় দি বিভিন্ন ধৰণৰ কামত দুৰ্নীতি সংঘটিত কৰি বিজেপি দলটোক শ'লঠেকত পেলাই অহাৰ অভিযোগৰ মাজতে এইবাৰ ৰূপহীহাটৰ জুৰীয়া ধিংবৰি চাপৰি গাওঁ পঞ্চায়তত নিজকে বিজেপি নেতা বুলি পৰিচয় দিয়া এগৰাকী ঠিকাদাৰৰ বিৰুদ্ধে পুনৰ একে অভিযোগ উত্থাপিত হৈছে ৷
জুৰীয়াত MGNREGA আচঁনিৰ কামত ব্যাপক দুৰ্নীতি - ৰূপহীহাটৰ জুৰীয়াত MGNREGA ৰ কামত ভয়ংকৰ দুৰ্নীতি
ৰূপহীহাটৰ জুৰীয়া ধিংবৰি চাপৰি গাওঁ পঞ্চায়তত MGNREGA ৰ কামত ব্যাপক দুৰ্নীতিৰ অভিযোগ ৷ নিজকে বিজেপি নেতা বুলি পৰিচয় দিয়া এগৰাকী ঠিকাদাৰৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ জুৰীয়াৰ লালুং গাঁৱৰ শ্মশানৰ ভূমি উন্নয়নৰ কামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷
ৰূপহীহাটৰ জুৰীয়াত MGNREGA ৰ কামত ভয়ংকৰ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি জুৰীয়াৰ লালুং গাঁওৰ শ্মশানৰ ভূমি উন্নয়ন নামত MGNREGA আচঁনিৰ অধীনত 2018 বিত্তীয় বৰ্ষত দহ লাখ টকা আবণ্টিত হৈছিল । নিজকে বিজেপিৰ সংখ্যালঘু নেতা বুলি পৰিচয় দিয়া শ্বহিদুল ইছলামে উক্ত কামৰ ঠিকা লাভ কৰিছিল ৷ কিন্তু শ্মশানৰ ভূমি উন্নয়নৰ কামৰ নামত বিজেপি নেতাৰ পৰিচয় দিয়া এই গৰাকী ঠিকাদাৰে পঞ্চায়তৰ সভাপতি সচিবৰ সৈতে মিলি ভয়ংকৰ দুৰ্নীতি সংঘটিত কৰি ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক:মিছামুখত আগ্নেয়াস্ত্ৰৰে সজ্জিত দুৰ্বৃত্তৰ ডকাইতিৰ চেষ্টা