অসম

assam

ETV Bharat / city

চন্দ্ৰপুৰৰ পাছত এইবাৰ নগাঁৱত জাবৰ পেলোৱাক লৈ উত্তপ্ত পৰিস্থিতি - ৰূপক শৰ্মা

আৰক্ষীক লগত লৈ জাবৰ পেলাবলৈ যোৱা নগাঁও পৌৰসভা কৰ্মীক ৰাইজৰ বাধা । জাবৰ পেলোৱাক লৈ এইবাৰ অস্বস্তিত নগাঁও পৌৰ সভা । কিছু দিন পূৰ্ৱে চন্দ্ৰপুৰতো গুৱাহাটী মহানগৰৰ জাৱৰ পেলোৱাক লৈ সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ ৷

চন্দ্ৰপুৰৰ পাছত এইবাৰ নগাঁৱত জাবৰ পেলোৱাক লৈ উত্তপ্ত পৰিস্থিতি
চন্দ্ৰপুৰৰ পাছত এইবাৰ নগাঁৱত জাবৰ পেলোৱাক লৈ উত্তপ্ত পৰিস্থিতি

By

Published : Aug 12, 2021, 9:08 PM IST

নগাঁও,12 আগষ্ট :জাবৰ পেলোৱাক লৈ নগাঁৱৰ কাছমাৰীত স্থানীয় ৰাইজে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ । বুধবাৰেই আৰক্ষীৰ সহযোগত নগাঁও পৌৰসভাৰ ৮ খন গাড়ীয়ে কাছমাৰীৰ শিমলুগুৰিৰ আদৰ্শ গাঁৱৰ কাষত থকা হুগলতলি ৰিজাৰ্ভত চহৰখনৰ বিভিন্ন স্থানৰ পৰা সংগ্ৰহ কৰা জাবৰ পেলাবলৈ নিছিল । কিন্তু স্থানীয় কেইবাখনো গাঁৱৰ ৰাইজে জাবৰ পেলোৱাত বাধা প্ৰদান কৰে । প্ৰতিবাদকাৰী ৰাইজে নগাঁও পৌৰসভাৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান পৰ্যন্ত দিবলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হয় ।

ইপিনে প্ৰতিবাদৰ মাজতে নগাঁও পৌৰসভাই চাৰিখন গাড়ীৰ জাবৰ সেই স্থানত পেলাই যদিও আন চাৰিখন গাড়ীৰ জাবৰ ওভতাই আনিবলৈ বাধ্য হয় । স্থানীয় ৰাইজে অভিযোগ কৰা মতে, যি স্থানত জাৱৰ পেলাইছে সেই স্থানৰ কাষৰে বৈ গৈছে সোণাই নৈ । তদুপৰি জাৱৰ পেলোৱা স্থানৰ আনটো দিশে আছে কৃষি ভূমি ৷ এনে ক্ষেত্ৰত নগাঁও পৌৰসভাৰ এই অবিবেচক কাণ্ডই সোণাই নৈক প্ৰদূষিত কৰাৰ লগতে কৃষি ভূমিও বিনষ্ট কৰাৰ শংকা কৰিছে স্থানীয় ৰাইজে ।

চন্দ্ৰপুৰৰ পাছত এইবাৰ নগাঁৱত জাবৰ পেলোৱাক লৈ উত্তপ্ত পৰিস্থিতি

স্থানীয় ৰাইজে অভিযোগ কৰা মতে, এনেদৰে জাবৰ পেলোৱাৰ বাবে খেতি পথাৰলৈ যোৱা মানুহৰ অসুবিধা হৈছে । দুৰ্গন্ধৰ বাবে গৰখীয়া লোক সকলে গৰু চৰাব পৰা নাই । সেই পেলনীয়া জাৱৰৰ যেতিয়া ওচৰৰ ঘাহঁনি দৰাত মিলিত হ’ব তেতিয়া সেই ঘাঁহ বন গৰু-ছাগলীয়ে নাখাব । আনহাতেদি কাষৰে বৈ যোৱা সোনাই নৈত সেই জাৱৰ মিহলি হলে তাত থকা মাছবোৰ মৰি যোৱাৰ সম্ভাৱনাও আছে ।

লগতে পঢ়কঃ প্ৰেম কৰোতে সাৱধান ! Social mediat ত ভাইৰেল এই ভিডিঅ’ত কি আছে চাওক...

উল্লেখযোগ্য যে, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই বিধান সভাৰ মজিয়াত নগাঁও চহৰৰ নদী সমূহ বেদখলমুক্ত কৰি আকৰ্ষণী তথা সৌন্দৰ্যবৰ্ধনৰ বাবে চৰকাৰক আহ্বান জনাই বক্তব্য ৰাখিছিল । কিন্তু নগাঁও পৌৰসভাই সোণাই নৈ প্ৰায় কাষতে হুগলাতলি ৰিজাৰ্ভত জাবৰ পেলোৱা কাৰ্যই বিধায়কজনৰ ইতিবাচক প্ৰয়াসকো যেন মানিব বিচৰা নাই সেই চৰ্চা হৈছে ।

উল্লেখযোগ্য, চহৰখনৰ নেহৰুৱালি ওচৰৰ অগপ কাৰ্যালয়ৰ সমীপত, তেলীয়াপট্টি চাৰি আলিৰ ওচৰত, হয়বৰগাঁও বজাৰ, বৰ বজাৰ, কেলটেক্স চাৰি আলি, পানী গাঁও আদিকে ধৰি কেইবাটাও স্থানত একাংশ লোকে নিজৰ ঘৰৰ গেলা-পচা জাবৰ জোঁথৰ নিশা আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পেলাই থোৱাৰ ফলত চহৰখনত সৃষ্টি হৈছে এক অস্বাস্থ্যকৰ পৰিৱেশ ।

ইপিনে পৰিবেশ সংৰক্ষণ সংগঠন পান্থতৰু সংৰক্ষণী অসমে পৌৰ নিগমৰ এই কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছে । এতিয়া জাবৰ পেলোৱাক লৈ পৰৱৰ্তী সময়ত নগাঁও পৌৰ সভাই কি ভূমিকা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয় ।

লগতে পঢ়কঃ বিশ্ব ৰেংকিঙত দ্বিতীয় স্থানলৈ উন্নীত স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা

ABOUT THE AUTHOR

...view details