নগাঁও, 17 আগষ্ট: ৭৬ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি অগপ দলৰ প্ৰাক্তন বিধায়ক তথা বৰ্তমান বিজেপি নেতা আব্দুল আজিজে মন্তব্যৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰিয়েই সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ (Abdul Aziz insults Assamese language)। আৰক্ষী থানাত দাখিল হৈছে এজাহাৰ, প্ৰতিবাদত উত্তাল হৈছে ৰূপহীহাট । বিভিন্ন দল সংগঠনৰ লগতে ধৰ্মীয় সংখ্যালঘু লোকসকলো জাঙুৰ খাই উঠিছে আব্দুল আজিজৰ বিৰুদ্ধে ।
বিতৰ্কিত মন্তব্য কৰাতো আব্দুল আজিজৰ বাবে কোনো নতুন কথা নহয় (Controversial leader Abdul Aziz)। ৯০ ৰ দশকত চামগুৰিৰ সোণাৰিবালিত ১৯ খনকৈ বাহন জ্বলাই দিয়াৰ কথাও ৰাজহুৱাকৈ ভাষণত কয় এইজন আব্দুল আজিজে । নিজকে সংখ্যালঘু নেতা বুলি দাবী কৰে জিলা পৰিষদৰ সদস্যৰ পৰা বিধায়ক নিৰ্বাচিত হোৱা বৰ্তমানৰ প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা আব্দুল আজিজে । কিন্তু প্ৰকৃততে এগৰাকী সুবিধাবাদী নেতা আব্দুল আজিজ (Opportunistic leaders Abdul Aziz) ৷
বহুৰূপী অব্দুল আজিজৰ বিতৰ্ক পুৰাণ Exclusive অগপ দলৰ পৰা ২০০৬ চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈ ৰাজ্যসভা নিৰ্বাচনত দলক বিশ্বাসঘাতকতা কৰি আজিজ বহিস্কাৰ হৈছিল দলৰ পৰা (AGP suspended Abdul Aziz)।
লগে লগেই সেই সময়ৰ শাসকীয় দল কংগ্ৰেছত যোগদান কৰিয়েই কংগ্ৰেছ নেতৃত্বক সন্তুষ্ট কৰিবলৈ ২০১৬ চনৰ নিৰ্বাচনৰ পূৰ্বে আব্দুল আজিজে কৈছিল যে, হিন্দুৰ নেতৃত্বত কংগ্ৰেছৰ সৈতেই তেওঁ থাকিব ৷ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীত্বৰ বৰা বঞ্চিত হৈয়েই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ৰূপহীহাট সমষ্টিৰ পৰা অৱতীৰ্ণ হৈয়েই কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে এইদৰে সৰৱ হৈ পৰিছিল একেজন আব্দুল আজিজ ।
২০১৬ চনত অসমত ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰাত পূৰ্বৰ পোছাক সলাই গেৰুৱা হৈ পৰিছিল এইজন আব্দুল আজিজ । বিজেপি দলত যোগদান কৰাৰ পিছত বিভিন্ন সভা সমিতিত এইজন আজিজৰ মুখতেই আখৈ ফুটা দি ফুটিছিল অগপ বিজেপি চৰকাৰৰ প্ৰশংসা । অগপ বিজেপি মিত্ৰ চৰকাৰৰ দিনতেই সংখ্যালঘুসকল আটাইতকৈ সুৰক্ষিত বুলিও মন্তব্য কৰিছিল আব্দুল একেজন আজিজে (Abdul Aziz comments on minority in Assam) ।
কিন্তু বিজেপিত যোগদান কৰাৰ পূৰ্বে এইজন আজিজেই সংখ্যালঘুসকলক হাৰাশাস্তি কৰা অন্যতম ইছ্যু ডি-ভোটাৰৰ পিতৃ বুলি অভিহিত কৰিছিল অগপক । নিজ স্বাৰ্থসিদ্ধিৰ বাবে বিভিন্ন সময়ত বিভিন্ন মন্তব্য কৰা আব্দুল আজিজৰ কোনটো মন্তব্য বিশ্বাসত ল'ব সংখ্যালঘু জনতাই ? শেহতীয়াকৈ অসমীয়া ভাষা আৰু ধৰ্মীয় সংখ্যালঘুসকলক লৈ আব্দুল আজিজে কৰা বিস্ফোৰক মন্তব্যৰ পিছতেই বিভিন্ন মহলত উত্থাপন হৈছে বিভিন্ন প্ৰশ্নৰ ।
লগতে পঢ়ক :আব্দুল আজিজৰ মন্তব্যক লৈ নগাঁৱত প্ৰতিক্ৰিয়া