নগাঁও, 22 আগষ্ট :উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক অৱনমাননা ভাৰতীয় খাদ্য নিগমৰ সামগ্ৰী কঢ়িওৱা বহু ট্ৰাকৰ । যান-বাহন আইনকো বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি নগাঁৱত দপদপনি দুই ঠিকাদাৰ প্ৰতিষ্ঠানৰ (Contractors in Nagaon FCI defied Supreme Court order)। এই অভিযোগ পিছে আমাৰ নহয় । এই অভিযোগ নগাঁও জিলা ট্ৰাক মালিক সন্থাৰ ৷
তথ্য অনুসৰি, নগাঁৱৰ শেনচোৱা ৰে’ল ষ্টেচনৰ পৰা প্ৰতিদিনাই সামগ্ৰী ভৰ্তি কৰোৱা হয় শ শ ট্ৰাকত । দহ টন সামগ্ৰী কঢ়িওৱা ট্ৰাকৰে কঢ়িয়াইছে পোন্ধৰ টন পৰ্যন্ত সামগ্ৰী । 12 চকীয়া ট্ৰাকত 24 টন সামগ্ৰী কঢ়িয়াব লাগে ৷ কিন্তু যদিও নগাঁৱৰ দুগৰাকী ঠিকাদাৰে অতিৰিক্তভাৱে 5 টন পৰ্যন্ত সামগ্ৰী কঢ়িওৱাৰ অভিযোগ উত্থাপন হৈছে (Overload FCI truck in Nagaon) ।
নগাঁৱৰ ৱায়াৰ হাউচত সামগ্ৰী যোগান ধৰা বালাজি মাৰ্বল এণ্ড টাইলছ নামৰ প্ৰতিষ্ঠানটোৰ লগতে ডিফুত সামগ্ৰী যোগান ধৰা বিকাশ মৌৰ নামৰ ঠিকাদাৰৰ বিৰুদ্ধে উত্থাপন হৈছে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশকো অৱমাননা কৰাৰ গুৰুতৰ অভিযোগ ।