নগাঁও, 26 আগষ্টঃ কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা প্ৰায় চূড়ান্ত পৰ্যায় পোৱাৰ সময়তে বুধবাৰে কংগ্ৰেছ এ আই ইউ ডি এফৰ মিত্ৰতা সন্দৰ্ভত ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ ই টি ভি ভাৰতৰ এক আছুতীয়া সাক্ষাৎকাৰ অনুষ্ঠিত হয় ৷ সাংবাদিকৰ আগত কংগ্ৰেছী বিধায়ক নুৰুল হুদাই কেতবোৰ গুৰত্বপূৰ্ণ মন্তব্য কৰে ৷
সাক্ষাৎকাৰত বিধায়ক নুৰুল হুদাই কয় যে, এসময়ত হুজুৰ বুলি সম্বোধন কৰা বদৰ উদ্দিন আজমলক লৈ এতিয়া ৰাজনৈতিক ইছ্যু কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। কিন্তু দেশ স্বাধীনৰ সময়ত ইংৰাজক সহায় কৰিছিল হাফপেন্ট পিন্ধা আৰ এছ এছে । ইফালে বিজেপিক পৰাজিত কৰাৰ স্বাৰ্থত কংগ্ৰেছে বিগ ব্ৰাদাৰ্চ হিচাপে ধৰ্মনিৰপেক্ষ সকলো দলক একত্ৰিত কৰি কংগ্ৰেছ দলে আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হ'ব । ইফালে এ আই ইউ ডি এফৰ দখলত থকা সমষ্টিতহে দলটোৱে দলীয় প্ৰাৰ্থীত্ব দিব পাৰিব বুলি গুৰুতৰ মন্তব্য কৰে কংগ্ৰেছী বিধায়ক নুৰুল হুদাই । বিগত নিৰ্বাচনত এ এই ইউ ডি এফে বহু সমষ্টিত প্ৰাৰ্থীত্ব দিয়াৰ বাবেহে বিজেপিয়ে বেছি আসন লাভ কৰিছে অন্যথা সেইবোৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী সকলে জয়ী হ'ল হেতেন বুলি মন্তব্য কৰে বিধায়কজনে ।