নগাঁও, 23 আগষ্ট:দেওবাৰে নগাঁৱৰ ভকতগাঁও গাঁও পঞ্চায়তৰ গাঁও সভাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । উইকেণ্ড লকডাউন উলংঘা কৰি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ বাবে অনুষ্ঠিত হোৱা এক বিশেষ সভাত দুই পক্ষৰ মাজত সৃষ্টি হয় তীব্ৰ সংঘাতৰ । কংগ্ৰেছ-বিজেপি দুই দলৰ মাজত অভিযোগ-প্ৰতি অভিযোগৰে উত্তাল হৈ পৰে সভাৰ পৰিৱেশ ।
উত্থাপিত অভিযোগ অনুসৰি ভকতগাঁও জিলা পৰিষদৰ সদস্য ওৱাজিবুল্লা কবিৰে ভাষণ দি থকাৰ সময়তে একাংশ লোকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । বিজেপি দলৰ নেতাসকলে এই সংঘাত একাংশ কংগ্ৰেছ কৰ্মীয়ে সৃষ্টি কৰাৰ অভিযোগ তুলি স্থানীয় হয়বৰগাঁও আৰক্ষী চকীত লিখিত অভিযোগ দাখিল কৰাৰ বিপৰীতে কংগ্ৰেছ দলৰ নেতাসকলে এয়া কোনো দলীয় সংঘাত নহয় বুলি অভিহিত কৰাৰ লগতে সভাত উপস্থিত থকা দুই এজন সাধাৰণ নাগৰিকহে এনে পৰিস্থিতিৰ সৃষ্টি কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ।