কলিয়াবৰ, 28 মে' : নগাঁও জিলাৰ কলিয়াবৰৰ জনাঞ্চলসমূহত প্ৰায়ে দেখিবলৈ পোৱা যায় বিভিন্ন প্ৰজাতিৰ বিষাক্ত সাঁপ । শুকুৰবাৰে কলিয়াবৰৰ ওপল চতিয়াল (কেনকেনীয়া চুক)ত এঘৰ লোকৰ ঘৰৰ পিছফালে গাঁতত দুডালকৈ চকৰি ফেঁটী সাঁপ উদ্ধাৰ হয় ৷
গাঁতত সাপ উলোৱাৰ খবৰ লাভ কৰি উক্ত স্থানত উপস্থিত সাঁপ উদ্ধাৰ কাৰ্যৰ লগত জড়িত সঞ্জীৱ ডেকা নামৰ এজন ব্যক্তি ৷ চকৰি ফেঁটী দুডাল উদ্ধাৰ কৰি ব্যক্তিজনে পৰৱৰ্তী সময়ত কলিয়াবৰৰ সংৰক্ষিত শিলঘাট-ত্ৰিশূলধাৰী বনাঞ্চলত এৰি দিয়া বুলি জানিব পৰা গৈছে ৷