নগাঁও, 23 ছেপ্টেম্বৰ: ঘোচখোৰ লাট মণ্ডল ৰঞ্জিত মহন্তৰ বাসগৃহত দুৰ্নীতি নিবাৰকৰ শাখাৰ অভিযান (CM vigilance raid in Nagaon) । কেইবাঘন্টা ধৰি ৰঞ্জিত মহন্তৰ নগাঁৱৰ এফলিয়াবৰীৰ বাসগৃহত তন্ন-তন্নকৈ তালাচী চলায় দুৰ্নীতি নিৰ্বাৰক শাখা আৰু আৰক্ষীয়ে । অভিযান কালত মহন্তৰ বাসগৃহৰ পৰা কোনোধৰণৰ আপত্তিজনক সামগ্ৰী আৰু নথি-পত্ৰ উদ্ধাৰ হোৱা নাই বুলি আৰক্ষীয়ে জানিবলৈ দিছে । অৱশ্যে আৰক্ষীয়ে লাট মণ্ডলজনৰ ঘৰৰ পৰা মাটি-বাৰীৰ দলিল আৰু বেংকৰ নথি পত্ৰ সংগ্ৰহ কৰে ৷
ইতিমধ্যে, ঘোচ লৈ হাতে-লোটে ধৰা পৰা নগাঁৱৰ লাট মণ্ডল ৰঞ্জিত মহন্তক লৈ গুৱাহাটী অভিমুখে ৰাওনা হয় দুৰ্নীতি নিবাৰক শাখাৰ দল । শুকুবাৰে দুপৰীয়া তিনি হাজাৰ টকা উৎকোচ লোৱাৰ সময়ত গুৱাহাটীৰ পৰা অহা দুৰ্নীতি নিবাৰক শাখাৰ দলে আটক কৰে অভিযুক্ত মহন্তক (Allegation of bribery against Lat Mandal in Nagaon) ।