অসম

assam

কলিয়াবৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান সম্পন্ন

By

Published : May 16, 2022, 11:44 AM IST

Updated : May 16, 2022, 6:34 PM IST

তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অন্ত পৰিল কলিয়াবৰৰ একমাত্ৰ উচ্চশিক্ষাৰ বাটকটীয়া কলিয়াবৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান ৷ এই অনুষ্ঠানত মহাবিদ্যালয়খনে অতিক্ৰম কৰা গৌৰৱময় সময়ৰ স্মৃতি ৰোমন্থন কৰা হয় ৷

Golden jubilee celebration of Kaliabor College
কলিয়াবৰ মহাবিদ‍্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান

কলিয়াবৰ, 16 মে’ : কলিয়াবৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান দেওবাৰে অনুষ্ঠিত হয়(Golden jubilee celebration of Kaliabor College) ৷ কলিয়াবৰৰ একমাত্ৰ উচ্চশিক্ষাৰ বাটকটীয়া কলিয়াবৰ মহাবিদ্যালয়ৰ এই সোণালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচী তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য‍সূচীৰে আয়োজন কৰা হৈছিল৷ অনুষ্ঠানত মহাবিদ্যালয়খনে অতিক্ৰম কৰা গৌৰৱময় সময়ৰ স্মৃতি ৰোমন্থন কৰা হয় ৷

কলিয়াবৰ মহাবিদ‍্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান

কা’ বিৰোধী আন্দোলন আৰু ক’ভিড পৰিস্থিতিৰ বাবে বিগত সময়ত স্থগিতত আছিল সমাপন অনুষ্ঠান ৷ এই সোণালী জয়ন্তী অনুষ্ঠানতেই কলিয়াবৰ মহাবিদ্যালয়লৈ ভূমিদাতা আৰু গৃহদাতা পৰিয়াল, মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি আৰু প্ৰাক্তন শিক্ষক-কৰ্মচাৰীসকলক সম্বৰ্ধনা জনোৱা হয় ।

কলিয়াবৰ মহাবিদ‍্যালয়ৰ সোণালী জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান

মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক তথা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত(Health Minister Keshab Mahanta) ৷

স্বাস্থ‍্যমন্ত্ৰী কেশৱ মহন্ত

সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ নিশা আয়োজিত সাংস্কৃতিক কাৰ্য‍সূচীত অংশ লয় কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে । অনুষ্ঠানটি উদ্বোধন কৰে কলিয়াবৰ মহকুমাৰ আৰক্ষী বিষয়া মৃণ্ময় দাসে ।

লগতে পঢ়ক :Tripura new CM oath taking ceremony: উপস্থিত নাথাকিল বিৰোধী দল চিপিআই(এম)

Last Updated : May 16, 2022, 6:34 PM IST

ABOUT THE AUTHOR

...view details