অসম

assam

ETV Bharat / city

দুই ফৈদৰ সংঘাতক লৈ উত্তপ্ত কোবাইকটা সত্ৰ

শ্ৰী শ্ৰী কোবাইকটা সত্ৰ বেদখমুক্ত ও পুনৰ উদ্ধাৰৰ দাবীত বিশ্ব হিন্দু মহাসংঘই আয়োজন কৰা অৱস্থান কাৰ্যসূচীত অথন্তৰ । উপক্ৰম ঘটিল তৰ্কাতৰ্কিৰ লগতে হতাহতিৰ । নামঘৰৰ সন্মুখতেই বিশ্ব হিন্দু মহাসংঘ (অসম)ৰ অৱস্থান ধৰ্মঘট, মন্দিৰ প্ৰাঙ্গণতেই দিলে "ভাৰত মাতা কি জয়" ধ্বনি । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে থানত উপস্থিত আৰক্ষী-অৰ্ধসামৰিক বাহিনী ।

By

Published : Oct 4, 2021, 12:22 PM IST

Clash in Kubaikota satra at nagaon
কোবাইকটা সত্ৰত দুই ফৈদৰ সংঘাত

নগাঁও, 4 অক্টোবৰ : দুই ফৈদৰ সংঘাটক লৈ দেওবাৰে উত্তপ্ত হৈ পৰে কোবাইকটা সত্ৰ ৷ উল্লেখ্য যে, বিগত বছৰ ধৰি কোবাইকটা সত্ৰক লৈ দুই ফৈদৰ মাজত বিতৰ্কৰ সূত্ৰপাত হৈ আহিছিল । একাংশৰ মতে আই সতী ৰাধিকাৰ জন্মস্থান এই ঐতিহ্যমণ্ডিত সত্ৰখন । আন একাংশৰ মতে, দামোদৰ দেৱৰহে জন্মস্থান ।

ইয়াকে লৈ ইতিমধ্যে ন্যায়ালয়তো দ্বাৰস্থ হৈছে দুই ফৈদ । কিন্তু ইয়াৰ মাজতেই দেওবাৰে বিশ্ব হিন্দু মহাসংঘৰ কাৰ্যসূচীত দামোদৰ দেৱৰ জন্মস্থান বুলি উল্লেখ কৰাত আনটো ফৈদ ক্ষুন্ন হৈ পৰে । দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীপন্থীয়ে নামঘৰৰ সন্মুখতেই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷

কোবাইকটা সত্ৰত দুই ফৈদৰ সংঘাত

দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীৰ লগত দামোদৰ দেৱপন্থী একাংশ লোকৰ লগত তৰ্ক-বিতৰ্কৰ সূত্ৰপাত হোৱাৰ লগতে হতাহতি কৰে সতী ৰাধিকা পন্থীৰ একাংশই । অৱশেষত, আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে সমগ্ৰ পৰিস্থিতি । বটদ্ৰৱাৰ কোবাইকাটা সত্ৰত শ্ৰীশ্ৰী দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী জনাৰ্দন দেৱ গোস্বামীৰ লগত হোৱা তুমুল সংঘাত হোৱা ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

কোবাইকটা সত্ৰত দুই ফৈদৰ সংঘাত

বটদ্ৰৱাৰ কোবাইকাটা সত্ৰ প্ৰকৃততে সতী ৰাধিকা নে দামোদৰ দেৱৰ স্মৃতি বিজড়িত সত্ৰ তাকে লৈ দুই ফৈদৰ মাজত সংঘাতৰ লগতে বিতৰ্কৰ সৃষ্টি হৈছে । ইতিমধ্যে উক্ত বিষয় সন্দৰ্ভত আদালতৰ ওচৰত গোচৰ ৰুজু হৈ আছে আৰু বৰ্তমানে আইনীভাৱে কোনো সিদ্ধান্তত উপনীত হোৱা নাই বুলি জানিব দিয়ে দামোদৰ দেৱৰ ভকত বৈষ্ণৱে ।

কোবাইকটা সত্ৰত দুই ফৈদৰ সংঘাত

তদুপৰি সত্ৰৰ নামত চৰকাৰী আৱণ্টিত ধন অহাক লৈ দামোদৰ দেৱৰ ভকত বৈষ্ণৱে নিজ মুনাফা লাভৰ বাবে দখল কৰিবলৈ চেষ্টা কৰিছে বুলি অভিযোগ-প্ৰতিঅভিযোগ উত্থাপন কৰিছে দুটা ফৈদে । পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত অৱশেষত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।

লগতে পঢ়ক :ৰাজনীতিত যেন সকলো সম্ভৱ : লুৰিণজ্যোতি গগৈ-ভূপেন বৰাৰ যৌথ সংবাদমেল

ABOUT THE AUTHOR

...view details