শিশু শ্ৰমিকৰে ভৰি পৰিছে নগাঁও! - শ্ৰম বিভাগ
মঙলবাৰে নগাঁও চহৰৰ ভিন্ন অঞ্চলত যৌথ অভিযান চলাই চাইল্ড লাইন আৰু শ্ৰম বিভাগে । অভিযানত উদ্ধাৰ হয় ৭ টাকৈ শিশু শ্ৰমিক
![শিশু শ্ৰমিকৰে ভৰি পৰিছে নগাঁও!](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3405564-thumbnail-3x2-child.jpg)
নগাঁৱত চাইল্ড লাইন আৰু শ্ৰম বিভাগৰ যৌথ অভিযান
নগাঁও, 28 মে': মঙলবাৰে নগাওঁ চহৰৰ হয়বৰগাঁৱৰ বিভিন্ন দোকানত অভিযান চলাই চাইল্ড লাইন আৰু শ্ৰম বিভাগে ৷ হয়বৰগাঁৱৰ হোটেল, পান দোকান আৰু হাৰ্ডৱেৰ দোকানৰ পৰা শ্ৰম বিভাগ আৰু চাইল্ড লাইনৰ এটা দলে অভিযান চলাই উদ্ধাৰ কৰে ৭ টাকৈ শিশু শ্ৰমিক । শিশু শ্ৰমিক কেইটাক উদ্ধাৰ কৰি দোকানৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে নগাওঁ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে চাইল্ড লাইনে ৷ উল্লেখযোগ্য যে নগাওঁ চহৰৰ বিভিন্ন দোকান তথা ইটাভাটাত এতিয়াও শিশু শ্ৰমিকেৰে ভৰি আছে বুলি উল্লেখ কৰে অভিযানকাৰী দলে ৷
নগাঁৱত চাইল্ড লাইন আৰু শ্ৰম বিভাগৰ যৌথ অভিযান