অসম

assam

By

Published : Jun 30, 2020, 8:28 PM IST

ETV Bharat / city

১৯০৩ টা বাসগৃহ নিৰ্মাণ কৰিব চৰকাৰেঃ মুখ্যমন্ত্ৰী

অসম চাহ নিগমৰ সৌজনত ১৫ খন চাহ বাগিচাত ১৯০৩টা বাসগৃহ নিৰ্মাণৰ আধাৰ শিলা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । চাহ শ্ৰমিক সকলক মৰ্যদা সহকাৰে জীৱন- যাপনৰ সু- ব্যৱস্থা কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ৷

Chief Minister Sarbananda Sonoal Attended At Kaliabar Nagaon
১৯০৩ টা বাসগৃহ নিৰ্মাণ কৰিব চৰকাৰেঃ মুখ্যমন্ত্ৰী

নগাঁও, 30 জুনঃ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ আমলখি চাহ বাগিচাত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ ১৯০৩টা বাসগৃহ নিৰ্মাণৰ আধাৰশিলা মঙলবাৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷

১৯০৩ টা বাসগৃহ নিৰ্মাণ কৰিব চৰকাৰেঃ মুখ্যমন্ত্ৰী

অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ অনুদানেৰে উদ্যোগ আৰু বাণিজ্য বিভাগৰ অধীনস্থ অসম চাহ নিগমৰ সৌজনত এক অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰে ৷ এই আঁচনিত ১৫ খন চাহ বাগিচাত ১৯০৩টা বাসগৃহ নিৰ্মাণৰ আধাৰশিলাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । এই আধাৰশিলাৰ স্থাপন অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয় যে, এই আঁচনিত চাহ জনগোষ্ঠীৰ লোক সকলৰ বাবে ১৯০৩ টা বাসগৃহ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷

১৯০৩ টা বাসগৃহ নিৰ্মাণ কৰিব চৰকাৰেঃ মুখ্যমন্ত্ৰী

অসমৰ চাহক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰা চাহ শ্ৰমিকক মৰ্যদা সহকাৰে জীৱন- যাপনৰ কৰাৰ অধিকাৰ দিয়াৰ উদ্দেশ্যে অসম চৰকাৰে যৎপৰোনাষ্টি চেষ্টা অব্যাহত ৰাখিছে । ইতিমধ্যে চাহ শ্ৰমিক সকলৰ প্ৰতিটো পৰিয়ালকে একোটা ঘৰ, খোৱা পানী, শৌচালয় আৰু বিনামূলীয়াকৈ 4 টা এল ই ডি বাল্ব যোগান ধৰিব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷ লগতে আগন্তুক দিনত চাহ শ্ৰমিক সকলৰ বাবে বিভিন্ন আঁচনি চৰকাৰে হাতত লোৱা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

এই শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কৃষি মন্ত্ৰী অতুল বৰা, জল সম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু মন্ত্ৰী সঞ্জয় কিষাণ।

লগতে পঢ়ক- শ্বহীদ পৰিয়ালক উচিত ন্যায় আৰু ক্ষতিপূৰণ দিবই লাগিবঃ লুৰিণজ্যোতি

ABOUT THE AUTHOR

...view details