অসম

assam

ETV Bharat / city

সেউজ বিপ্লৱেৰে স্বাৱলম্বী কলিয়াবৰৰ বৰঘূলীবাসী - GREEN REVOLUTION

ঋতু ভেদে বিভিন্ন শাক-পাচলিৰ খেতি কৰে অঞ্চলবাসীয়ে ৷ অঞ্চলটোৰ একাংশই শাক-পাচলিৰ খেতিকেই জীৱিকাৰ মূল পথ হিচাপে বাচি লৈছে ৷

চৰ-চাপৰি অঞ্চলত সেউজ বিপ্লৱৰ জয়-যাত্ৰা

By

Published : Jun 2, 2019, 1:53 PM IST

কলিয়াবৰ, 2 জুনঃ কলিয়াবৰৰ বৰঘূলী অঞ্চলত উৎপাদিত বিভিন্ন শাক-পাচলিয়ে অঞ্চলটোত লাভ কৰি আছে এক সুকীয়া স্থান । ঋতু ভেদে বিভিন্ন শাক-পাচলিৰ খেতি কৰে অঞ্চলটোৰ বাসিন্দা সকলে৷ অঞ্চলটোৰ একাংশই শাক-পাচলিৰ খেতিকেই জীৱিকাৰ মূল পথ হিচাপে বাচি লোৱা পৰিলক্ষিত হৈছে ৷ জহৰ দিনত জিকা-ভোল, ভেন্দি, স্কোৱাছ, কুন্দুলী আদিৰ খেতিৰে ভৰি পৰে এই অঞ্চলৰ পথাৰ ৷

চৰ-চাপৰি অঞ্চলত সেউজ বিপ্লৱৰ জয়-যাত্ৰা

কৃষকসকলে উৎপাদন কৰা এই শাক-পাচলি সমূহ দৈনিক বিক্ৰী কৰা হয় চুলুং বজাৰত ৷ জহৰ কালত স্কোৱাছ, ভেন্দি, জলকীয়া আদি খেতিৰে লক্ষাধিক টকা লাভান্বিত হোৱাৰ কথা উল্লেখ কৰে মহম্মদ আক্ৰাম নামৰ কৃষক গৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details