অসম

assam

ক'ভিড আক্ৰান্তৰ মাজত খাদ্য আৰু ঔষধ বিতৰণ ৰকিবুল হুছেইনৰ

By

Published : Jun 6, 2021, 10:54 PM IST

ৰকিবুল হুছেইনে চামগুৰি সমষ্টিৰ ক'ৰণা আক্ৰান্ত লোকসকলৰ মাজত অত্যাৱশকীয় খাদ্য সামগ্ৰীৰ লগতে ভিটামিনযুক্ত ঔষধ বিতৰণ কৰে ।

chamaguri mla rokibul hussain visit covid affected family
চামগুৰিৰ ক’ভিড মৃতকৰ ঘৰত ৰকিবুল হুছেইন

চামগুৰি, 6 জুন : নগাঁও জিলাৰ চামগুৰিৰ ভূৰবন্ধা আৰু লাইলৰিত ক’ভিড-১৯ত আক্ৰান্ত আৰু মৃতকৰ গৃহত উপস্থিত জেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইন । ক’ভিডত আক্ৰান্তলৈ আগবঢ়ালে সহায়ৰ হাত ৷ মৃতকৰ পৰিয়ালৰ কাষত উপস্থিত হৈ সমবেদনা জ্ঞাপন কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷

চামগুৰিৰ ক’ভিড মৃতকৰ ঘৰত ৰকিবুল হুছেইন

জানিব পৰা মতে, মৃতকৰ পৰিয়ালক আৰ্থিকভাৱে সহায়ৰ কৰাৰ লগতে ক’ভিডত আক্ৰান্ত ব্যক্তিৰ গৃহত পুষ্টিকৰ খাদ্য বিতৰণ কৰে হুছেইনে ৷ চামগুৰিত থকা কন্টেইনমেন্ট জ’নত থকা পৰিয়ালৰ মাজত চাউল, ডালি, নিমখ, তেল আদি বিতৰণ কৰে বিধায়কগৰাকীয়ে ৷

চামগুৰিৰ ক’ভিড পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও সমষ্টিটোত থকা মথাউৰিৰ অৱস্থাৰ বুজ লয় প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷

লগতে পঢ়ক :গহপুৰত চত্ৰং নৈৰ মথাউৰি ভাঙি প্লাৱিত বিস্তীৰ্ণ অঞ্চল

ABOUT THE AUTHOR

...view details