নগাঁও, 8 জুলাই:এছ আই জোনমণি ৰাভা, হাইদৰ হুছেইন, প্ৰদীপ বণিয়াকে ধৰি কেইবাজনো আৰক্ষীয়ে নগাঁও আৰক্ষীৰ খাকী পোচাকত লগোৱা দাগ পৰিষ্কাৰ নৌহওঁতেই পোচাকজোৰক পুনৰ কলংকিত কৰিলে আন এগৰাকী আৰক্ষী বিষয়াই (Nagaon police controversy)। নগাঁৱৰ ৰূপহীহাট আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক আফচৰ উদ্দিন আহমেদৰ বিৰুদ্ধে এইবাৰ ৰুজু হৈছে ডকাইতিৰ গোচৰ (Dacoiti case against police)।
ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত এটি দৰিদ্ৰ পৰিয়ালক সুদৰ টকা আদায় দিবলৈ তীব্ৰ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে খোদ আৰক্ষীৰ বিৰুদ্ধে (Allegation of pressurize family for interest money)। ৰূপহীহাটৰ কেইজনমান লোকৰ পৰা সুদত টকা লোৱা পৰিয়ালটোৱে সুদৰ টকা আদায় দিব নোৱাৰাত, সুদখোৰৰ ভেৰোণীয়া গুণ্ডাবাহিনীৰ সহযোগত ৰূপহীহাট আৰক্ষী থানাৰ এ এছ আই আফচৰ উদ্দিন আহমেদে পৰিয়ালটোক হেঁচা প্ৰদান কৰাৰ অভিযোগ ৷
দৰিদ্ৰ পৰিয়ালটোৰ এমদাদুল ইছলাম নামৰ মানসিক বিকাৰগ্ৰস্ত সদস্যজনৰ লগতে দুখনকৈ বাহন আৰক্ষীয়ে লৈ যায় থানালৈ । কোনো এজাহাৰ নোহোৱাকৈয়ে যুৱকজনক দুই তিনিদিন আৰক্ষী থানাতে ৰাখি নিৰ্মমভাৱে প্ৰহাৰ কৰাৰো অভিযোগ উত্থাপন কৰিছে পৰিয়ালটোৱে । ঘটনা সন্দৰ্ভত এ এছ আই আফচৰ উদ্দিন আহমেদসহ কেইবাজনো লোকৰ বিৰুদ্ধে এমদাদুলৰ পত্নী এলিজা ৰহমানে দাখিল কৰে এজাহাৰ (FIR against police officer)৷ এই এজাহাৰৰ ভিত্তিত লুটপাতকে ধৰি কেইবাটাও ধাৰাৰ অধীনত ৰুজু হৈছে গোচৰ ।