নগাঁও, 26 জানুৱাৰী : নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাক আৰক্ষীয়ে গুলীয়াই আহত কৰা ঘটনাক (Nagaon police encounter) কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্য উত্তাল হৈ থকাৰ সময়ত অভিযুক্ত আৰক্ষী প্ৰদীপ বনিয়াৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ (Case registered against Pradip Bania)। নগাঁও সদৰ থানাত আহত ছাত্ৰ কীৰ্তিকমল বৰাৰ পিতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে জামিনবিহীন ধাৰাত ৰুজু কৰিছে গোচৰ ।
নগাঁও সদৰ আৰক্ষী থানাত ১৩৯/২২নম্বৰত ভাৰতীয় দণ্ডবিধি আইনৰ ৩২৬/৩০৭/৫০৬ ধাৰাৰ অধীনত গোচৰ ৰুজু হৈছে অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে । আনহাতে, আৰক্ষীৰ গুলীত আহত হোৱা প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ বিৰুদ্ধেও আৰক্ষী প্ৰদীপ বনিয়াই দিয়া এজাহাৰৰ ভিত্তিত ৰুজু হৈ আছে আন এটা গোচৰ (FIR against Kirtikamal Bora)।