অসম

assam

দেৱশিশুক খিচিৰি খোৱাই দৃষ্টি আকৰ্ষণৰ চেষ্টা লোকসভা প্ৰাৰ্থীৰ

By

Published : Apr 13, 2019, 2:42 PM IST

দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে নগাঁৱৰ সংসদীয় সমষ্টি লাহৰিঘাটত দেৱশিশুক খিচিৰি খোৱাই ভোট সংগ্ৰহৰ চেষ্টা উত্তৰ-পূৱ জনতা (চেকুলাৰ)পাৰ্টিৰ লোকসভা প্ৰাৰ্থী আজগৰ আলীৰ ।

ETV BHARAT

নগাঁও, ১৩ এপ্ৰিলঃ কঁকালত টঙালি মাৰি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰত নামিছে ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দল তথা নেতাসকল । শনিবাৰে নগাঁৱৰ সংসদীয় সমষ্টি লাহৰীঘাটতো দেখা গ'ল উত্তৰ পূৰ্বাঞ্চল জনতা(চেকুলাৰ) পাৰ্টিৰ লোক‌সভাৰ প্ৰাৰ্থী আজগৰ আলীৰ ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ ।

দেৱশিশুক খিচিৰি খোৱাই দৃষ্টি আকৰ্ষণৰ চেষ্টা লোকসভা প্ৰাৰ্থীৰ

কণ কণ শিশুক নিজ হাতেৰে খিচিৰি খোৱাই নিৰ্বাচনী প্ৰচাৰ কৰিলে লোকসভাৰ প্ৰাৰ্থী গৰাকীয়ে । কংগ্ৰেছ, বিজেপি বাকযুদ্ধৰ সময়তে কংগ্ৰেছ প্ৰাৰ্থী আজগৰ আলীয়ে গেলা-পচা ৰাজনীতি পৰিহাৰ কৰি সুস্থ ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰিব লাগে বুলিও প্ৰকাশ কৰে । লগতে আগন্তুক নিৰ্বাচনত সমষ্টিটোৰ পৰা বিপুল ভোটত জয়ী হ'ব বুলিও দাবী কৰে প্ৰাৰ্থীগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details