বঢ়মপুৰ, 6 মাৰ্চ :শনিবাৰে নিশা বঢ়মপুৰৰ কামপুৰ পৌৰসভা সমষ্টিত সংঘটিত হৈ যায় এক হিংসাত্মক ঘটনা(Pre poll violence in Nagaon) । কামপুৰ পৌৰসভাৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী সমৰ্থকে বিজেপি সমৰ্থকক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হয় । নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হয় এগৰাকী বিজেপি সমৰ্থক ৷
প্ৰাপ্ত তথ্য অনুসৰি কামপুৰ পৌৰসভাৰ অন্তৰ্গত ৯ নং ৱাৰ্ডত বিজেপি সমৰ্থক বিক্ৰম শইকীয়াক চোকা অস্ত্ৰ লৈ আক্ৰমণ কৰে এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ সমৰ্থকে ৷ জানিব পৰা মতে, একে গাঁৱৰে পৰিয়ালৰ লোকৰ ঘৰত ভাত খাবলৈ যোৱাৰ সময়তে নিৰ্দলীয় প্ৰাৰ্থী ৰাম কৃষ্ণ দাসৰ সমৰ্থক দীপমণি বৰাই বিজেপি সমৰ্থকগৰাকীক আক্ৰমণ কৰাৰ অভিযোগ উঠিছে ৷