অসম

assam

ETV Bharat / city

নগাঁৱত প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে সৰৱ জয়ন্ত মল্ল বৰুৱা

মঙলবাৰে নগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে জয়ন্ত মল্ল বৰুৱাই ৷ এই সংবাদমেলত প্ৰদ্যুৎ বৰদলৈক চোকা সমালোচনা কৰে জয়ন্ত মল্ল বৰুৱাই । লগতে প্ৰদ্যুৎ বৰদলৈক সম্ভ্ৰান্ত চাহাব বুলি মন্তব্য কৰে বিজেপি নেতা পবিত্ৰ মাৰ্ঘেৰিটাই

By

Published : Apr 10, 2019, 3:06 AM IST

নগাঁৱত জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল

নগাঁও,9 এপ্ৰিলঃ "ৰাহুল গান্ধীয়ে কুকুৰৰ লগত কথা পাতে সেইকাৰণে প্ৰদ্যুৎ বৰদলৈয়েও কুকুৰৰ লগত কথা পাতে ৷ যাতে ৰাহুল গান্ধীয়ে তেওঁক ভাল পাওক" মঙলবাৰে নগাঁৱত সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য বিজেপি নেতা তথা অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ ৷ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া নগাঁও লোকসভা নিৰ্বাচনত প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে প্ৰচাৰ চলালে বিজেপি নেতা জয়ন্ত মল্ল বৰুৱা আৰু পৱিত্ৰ মাৰ্ঘেৰিটাই ৷ মঙলবাৰে নগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি প্ৰদ্যুৎ বৰদলৈক কটু সমালোচনা কৰে বিজেপিৰ নেতা দুজনে ৷ এই সংবাদমেলত প্ৰদ্যুৎ বৰদলৈক উচ্চ ব্যক্তিত্ব সম্পন্ন ব্যক্তি বুলি উল্লেখ কৰি "সম্ভ্ৰান্ত চাহাব" বুলি মন্তব্য কৰে পৱিত্ৰ মাৰ্ঘেৰিটাই । লগতে মাৰ্ঘেৰিটাই বিগত নিৰ্বাচনত প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ ৱাৰ্ডতে পৰাজিত হোৱা বুলি উল্লেখ কৰে। ইপিনে সংবাদমেলত বিজেপি নেতা তথা অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই তীব্ৰ ভাষাৰে সমালোচনা কৰে প্ৰদ্যুৎ বৰদলৈক । সংবাদমেলত জয়ন্ত মল্লই ৰাহুল গান্ধীৰ কুকুৰৰ প্ৰসংগ উল্লেখ কৰি নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৰাহুল গান্ধীক সন্তুষ্ট কৰিবলৈ নিশা কুকুৰৰ সৈতে কথা পাতে বুলি কটাক্ষ কৰে ৷ লগতে প্ৰদ্যুৎ বৰদলৈ শক্তি মন্ত্ৰী হৈ থকাৰ সময়তেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাঁহৰ খুঁটা ব্যৱহাৰ কৰা হৈছিল বুলিও অভিযোগ তুলে জয়ন্ত মল্ল বৰুৱাই ।

নগাঁৱত জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল

ABOUT THE AUTHOR

...view details