নগাঁও, 23 জুন:নদীবান্ধৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন জাতীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পিছতো বিজেপি শাসিত চৰকাৰে বন্ধ কৰা নাই বৃহৎ নদীবান্ধৰ কাম । নদীবান্ধৰ বাবে ৰাজ্যবাসী জটিল সমস্যাৰ সন্মুখীন হ'ব বুলি বিভিন্ন মহলে আশংকা কৰি থকাৰ সময়তে নদীবান্ধৰ ভয়াৱহতা উপলব্ধি কৰিলে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইয়ে ।
শেহতীয়াকৈ নদীবান্ধৰ বিৰুদ্ধে যেন সৰৱ হৈ পৰিছে প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতাগৰাকী (BJP leader Rajen Gohain speaks out against dams) । নদীবান্ধৰ বাবেই নগাঁৱত জলপ্ৰলয়ৰ সৃষ্টি হোৱা বুলি বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে নেতাগৰাকীয়ে । লগতে নদীবান্ধ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি ইয়াক নিয়ন্ত্ৰণ কৰিবলৈও চৰকাৰক আহ্বান জনায় ৰাজেন গোহাঁইয়ে ।