কলিয়াবৰ, 19 এপ্ৰিল :সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাই গাইছিল "আজিৰ অসমীয়া ই নিজক নবচালে, অসমতে মগনীয়া হ’ব" ৷ এই ঘটনাৰ উদাহৰণ পোৱা গ'ল নগাঁৱত ৷ অসমীয়াৰ বাপতি সাহোন বিহুত ছুটী লোৱাৰ বাবেই কলিয়াবৰৰ নলতলিস্থিত বাৰ্জাৰ কোম্পানীৰ (Berger Company at Kaliabor) কেইবাজনো কৰ্মচাৰীয়ে পালে কোম্পানীটোৰ তৰফৰ পৰা দুৰ্ব্যৱহাৰ (Berger Company misbehave with employees ) ৷
এইবাৰ ব’হাগ বিহুৰ দিনা কৰ্মচাৰীকেইজন উপস্থিত নথকাক কেন্দ্ৰ কৰি নলতলিত সৃষ্টি হৈছে এক উত্তপ্ত পৰিস্থিতি ৷ এইবাৰ অসমীয়াৰ হেঁপাহৰ বিহুটিক অপমান কৰিবলৈ কুণ্ঠাবোধ নকৰিলে কলিয়াবৰৰ এটা কোম্পানীয়ে । জানিব পৰা মতে, বিহুৰ দিনা কৰ্মস্থলীত উপস্থিত নথকাৰ বাবে কৰ্মচাৰীক দুৰ্ব্যৱহাৰ কৰিলে কোম্পানীটোৰ তিনি বিষয়াই ৷