অসম

assam

ETV Bharat / city

বটদ্ৰৱাৰ দুখনকৈ বিদ্যালয়ত চোৰৰ চাফাই অভিযান - ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়

বটদ্ৰৱাৰ ডুমডুমীয়া আৰক্ষী চকীৰ নিচেই কাষতে থকা দুখনকৈ বিদ্যালয়ত চুৰিকাণ্ড। লুটি নিয়ে লেপটপ, কম্পিউটাৰ, পাৱাৰ পাম্পকে ধৰি বহু নথি পত্ৰ

বটদ্ৰৱাৰ দুখনকৈ বিদ্যালয়ত চোৰৰ চাফাই অভিযান

By

Published : May 1, 2019, 8:05 PM IST

বটদ্ৰৱা, 1মেঃ নগাঁৱত এইবাৰ চোৰৰ টাৰ্গেট হৈছে উত্তৰ পশ্চিম অঞ্চলৰ বিভিন্ন বিদ্যালয়। নিশা হৈ থকা ধাৰাসাৰ বৰষুণৰ সুযোগ লৈ চোৰে ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে শংকৰদেৱ শিশু নিকেতনৰ পৰা লুটি নিয়ে লেপটপ,কম্পিউটাৰ,পাৱাৰ পাম্প,নথি পত্ৰকে ধৰি বহু মূল্যৱান সা-সামগ্ৰী। উল্লেখ্য যে বিদ্যালয়ত নৈশ চকীদাৰ থকাৰ পিচতো বিদ্যালয়ত চুৰিকাৰ্য সংঘটিত হোৱা ঘটনাই সৃষ্টি কৰিছে ৰহস্যৰ ৷

বটদ্ৰৱাৰ দুখনকৈ বিদ্যালয়ত চোৰৰ চাফাই অভিযান

ABOUT THE AUTHOR

...view details