অসম

assam

ETV Bharat / city

বটদ্ৰৱাত পথ নির্মাণৰ নামত ঠিকাদাৰৰ লুণ্ঠনৰাজ - নৱনিৰ্মিত পকী পথৰ ব্লেক টেপিং তৰপে তৰপে এৰিছে

বিধায়িকা আঙুৰলতা ডেকাৰ বটদ্ৰৱা সমষ্টিত পথ নিৰ্মাণৰ নামত চলিছে ঠিকাদাৰৰ অবাধ লুন্ঠন ৷ নৱনিৰ্মিত পকী পথৰ ব্লেক টেপিং তৰপে তৰপে এৰাই যোৱাৰ লগতে হাতেৰে মোহাৰি দিলেই এৰাই যায় পথ নিৰ্মাণত ব্যৱহৃত শিলগুটি ৷

তৰপে তৰপে এৰিল ব্লেক টেপিং

By

Published : Oct 11, 2019, 3:12 PM IST

বটদ্ৰৱা, 11 অক্টোবৰ : বিধায়িকা আঙুৰলতা ডেকাৰ বটদ্ৰৱা সমষ্টিত পথ নিৰ্মাণৰ নামত চলিছে ঠিকাদাৰৰ অবাধ লুন্ঠনৰাজ ৷ নৱনিৰ্মিত পকী পথৰ ব্লেক টেপিং তৰপে তৰপে এৰাই যোৱাৰ লগতে হাতেৰে মোহাৰি দিলেই এৰাই যায় পথ নিৰ্মাণত ব্যৱহৃত শিলগুটিসমূহ । মুঠৰ ওপৰত চৰকাৰী ধনৰ শৰাধ কৰি বটদ্ৰৱাত অৰ্থলোভী ঠিকাদাৰে নিজৰ মইমতালিৰে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি নির্মাণ কৰিছে পথটো । আনহাতে, ৰহস্যজনকভাৱে নিৰৱ দৰ্শক হৈ ৰৈছে সভাই সমিতিয়ে ঠিকাদাৰক ধমক দি অহা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকা ।

বটদ্ৰৱাত পথ নির্মাণত ব্যাপক অনিয়ম

বটদ্ৰৱা সমষ্টিৰ কহুঁৱাআতিৰ পৰা হেকেটাং বৰি হৈ মৰিগাঁৱলৈ যোৱা এই পথটো 2018-19 বিত্তীয় বৰ্ষৰ SOPD(G) পুঁজিৰে মেৰামতিৰ কাম আৰম্ভ কৰা হৈছিল ৷ নিৰ্বাচনৰ সময়ত ভোটাৰৰ মন জয় কৰিবলৈ বিধায়িকাগৰাকীয়ে সমষ্টিটোত বহু পথৰ আধাৰশিলা নিৰ্মাণ কৰিছিল । কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ অত দিনৰ পাচতো এই পথ সমূহত নপৰিল এটাও শিলগুটি ৷ ইয়াৰ ফলত জীয়াতু ভূগিব লগীয়া হৈছে সাধাৰণ লোকৰ লগতে অসুস্থ ৰোগীসকলেও ৷

ABOUT THE AUTHOR

...view details