অসম

assam

ETV Bharat / city

নগাঁও গ্লাচ কাণ্ড : ৰাইজৰ থানা ঘেৰাও - Jajhori Police Station

অপৰাধীৰ ৰম্যভূমিত পৰিণত হৈছে বটদ্ৰৱাৰ অঞ্চল । দেওবাৰে এজন কিশোৰক গ্লাচৰ টুকুৰা মিহলি পানী খোৱাই হত্যাৰ চেষ্টা কৰিছিল তিনি অচিনাক্ত দুৰ্বৃত্তই । আৰক্ষীৰ বিৰুদ্ধে অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ।

নগাঁৱ গ্লাচ কাণ্ড

By

Published : Jul 23, 2019, 5:28 PM IST

বটদ্ৰৱা, ২৩ জুলাই : চৰম নিৰাপত্তাহীনতাত দিন অতিবাহিত কৰিছে বটদ্ৰৱাৰ ৰাইদঙীয়া অঞ্চলৰ ৰাইজে । জাজৰি আৰক্ষীৰ ৰহস্যজনক ভূমিকাৰ বাবে এতিয়া দিনক দিনে বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাত ক্ষুব্ধ হৈ পৰিছে অঞ্চলটোৰ জনসাধাৰণ । মঙলবাৰে শতাধিক পুৰুষ মহিলাই জাজৰি থানা ঘেৰাও কৰি সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ । নগাঁৱৰ ৰাইদঙীয়াৰ আইভেটিত দেওবাৰে নৱম মান শ্ৰেণীত পঢ়ি থকা এজন কিশোৰক পাশৱিক নিৰ্যাতন চলায় হত্যাৰ চেষ্টা চলোৱা দুৰ্বৃত্তক আৰক্ষীয়ে আটক নকৰাৰ দাবীত প্ৰতিবাদী ৰাইজে জাজৰি থানাত সৃষ্টি কৰে এক হুলস্থুলীয়া পৰিৱেশৰ । যোৱা ২১ জুলাইত বিপুল বৰা নামৰ এজন কিশোৰক দিন দুপৰতে ঘৰত কোনো নথকাৰ সুযোগলৈ তিনি অচিনাক্ত দুৰ্বৃত্তই হাত-ভৰি বান্ধি ভগা গ্লাচৰ টুকুৰাৰে আক্ৰমণ কৰাৰ ওপৰিও ভগা গ্লাচৰ টুকুৰা পানীত মিহলি কৰি খুৱাই হত্যাৰ প্ৰচেষ্টা চলাইছিল । উক্ত ঘটনা সন্দৰ্ভত কিশোৰজনৰ পিতৃ মাতৃয়ে ন্যায় বিচাৰি জাজৰি থানাত ৰুজু কৰিছিল গোচৰ । তাৰ পাছতেই আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি এজন কিশোৰক আটক কৰি নিজৰ দায়িত্ব সামৰে । সেই অভিযোগতেই মঙলবাৰে ৰাইজে উত্তপ্ত কৰি তোলে জাজৰি থানাৰ চৌহদ । ৰাইজৰ অভিযোগ অভিযুক্ত কিশোৰৰ মাহীয়েকে মেনেজ কৰিছে আৰক্ষীক । ঘটনাৰ তিনিদিন পাৰ হোৱাৰ পিছতো আৰক্ষীয়ে এতিয়ালৈ আটক কৰা নাই আন দুই অভিযুক্তক । আৰক্ষীয়ে গোপন বুজাবুজি কৰি অপৰাধীক ৰক্ষণাবেক্ষণ দিছে নেকি? এই প্ৰশ্ন এতিয়া বৃহত্তৰ বটদ্ৰৱাবাসী ৰাইজৰ । এই কাণ্ডত লৈ এতিয়া সমগ্ৰ অঞ্চলতটোত সৃষ্টি হৈছে চাঞ্চল্যৰ ।

নগাঁৱ গ্লাচ কাণ্ড : ৰাইজৰ থানা ঘেৰাও

ABOUT THE AUTHOR

...view details