অসম

assam

ETV Bharat / city

নগাঁৱত সন্ধানহীন মহিলা - ব্যৰ্থ ধিং আৰক্ষী

চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ ধিঙলৈ গৈছিল নিৰূদ্দিষ্ট মহিলা গৰাকীকোনো লোকে অপহৰণৰ সন্দেহ পৰিয়ালৰ লোকৰ৷

নগাঁৱত মহিলা সন্ধানহীন

By

Published : Aug 22, 2019, 11:17 AM IST

বটদ্ৰৱা, 22 আগষ্ট: নগাঁও চহৰৰ জাজৰিৰ বগৰিগুৰিত কৰ্মসংস্থাপনৰ বাবে ঘৰৰ পৰা ওলাই গৈ নিৰুদ্দেশ হৈছে কাবেৰী দাস বৰদলৈ নামৰ এগৰাকী মহিলা৷ জাজৰি থানাৰ অন্তৰ্গত বগৰিগুৰিৰ সঞ্জীৱ বৰদলৈৰ পত্নী কাবেৰী দাস বৰদলৈ বুধবাৰে ঘৰৰ পৰা ধিং মহাবিদ্যালয়ত চাকৰিৰ সাক্ষাৎকাৰ দিবলৈ পুৱা ৬ বজাত ঘৰৰ পৰা ওলাই গৈছিল৷ তেতিয়াৰ পৰাই নিৰুদ্দেশ হৈ থকা কাবেৰী দাস বৰদলৈ ঘৰলৈ উভতি নহা বৃহস্পতি বাৰে 12 দিন অতিক্ৰম কৰিছে৷ এজাহাৰ দাখিল কৰাৰ পাছতো মহিলা গৰাকীৰ শুং-সুত্ৰ উলিওৱাত ব্যৰ্থ হৈছে ধিং আৰক্ষী৷ পৰিয়ালৰ লোকৰ সন্দেহ অপহৰণ কৰা হৈছে দুই সন্তানৰ মাতৃ কাবেৰী দাস বৰদলৈক ৷

নগাঁৱত মহিলা সন্ধানহীন

ABOUT THE AUTHOR

...view details