নগাঁও,17এপ্ৰিলঃ শিক্ষা লাভৰ নামত চৰম প্ৰতাৰণাৰ সন্মুখীন হৈছে নগাঁও বটদ্ৰৱাৰ ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল ৷ শিক্ষকৰ অনিয়মীয়া উপস্থিতিৰ বাবেই ধাৰাবাহিক শিক্ষালাভৰ পৰা বঞ্চিত হৈ আহিছে বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল ।
বটদ্ৰৱা চৰকাৰী বিদ্যালয়ত অৰাজকতা!!!
চৰম অৰাজকতা চলিছে বটদ্ৰৱাৰ ডুমডুমীয়া বালিসত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷ অভিযোগকাৰী অভিভাৱকৰ লগত বাক-বিতণ্ডতা লিপ্ত অধ্যক্ষ
বটদ্ৰৱাত চৰকাৰী বিদ্যালয়ত অৰাজকতা
ইপিনে বিদ্যালয়খনত বহুকেইজন শিক্ষক থকাৰ বিপৰীতে বিভাগীয় শিক্ষকসকলৰ উপস্থিতি সেৰেঙা হোৱাৰ বাবে সচেতন অভিভাৱকে অভিযোগ দিবলৈ যাওঁতেই বিদ্যালয়খনত বুধবাৰে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। বিদ্যালয় চৌহদত অধ্যক্ষ মতিউৰ ৰহমানে অভিযোগকাৰী অভিভাৱক সকলৰ লগত বাক-বিতণ্ডাত লিপ্ত হৈ জাঙুৰ খাই উঠে । ইয়াৰ পাচত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সন্মুখতে অধ্যক্ষৰ এনে আচৰণক গৰিহণা দিয়ে বিভিন্ন দল-সংগঠনৰ লগতে সচেতন মহলে।