অসম

assam

ETV Bharat / city

বাঢ়নী পানীয়ে নষ্ট কৰিছে খেতি: সমস্যাত কৃষক - flood

কৃটিম বান আৰু অতিৰিক্ত বৰষুণে পশ্চিম নগাঁৱত বিনষ্ট কৰিছে শ শ বিঘা শাক পাচলি খেতি। মূৰে কপালে হাত দিছে অসহায় কৃষকে। পাচলিৰ বজাৰত জুই চাই দাম ।

কৃটিম বান আৰু অতিৰিক্ত বৰষুণে পশ্চিম নগাঁৱত বিনষ্ট কৰিছে শ শ বিঘা শাক পাচলি খেতি

By

Published : Jul 27, 2019, 8:31 AM IST

Updated : Jul 27, 2019, 8:36 AM IST

নগাঁও,২৭ জুলাই : সমগ্ৰ ৰাজ্যত বিগত কিছু দিন ধৰি অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বান আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত বিনষ্ট হৈছে শাক পাচলিৰে উভয়নদী নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ শ শ হেক্টৰ কৃষি ভূমি। অতিৰিক্ত বৃষ্টিপাত তথা বাঢ়নী পানীত নিজৰ ফচল বুৰ যোৱাত মূৰে কপালে হাত দিব লগা হৈছে কৃষক সকলে। প্ৰধানকৈ ধিং আৰু বটদ্ৰৱা অঞ্চলত সৃষ্টি হৈছে এই পৰিস্থিতিৰ। এই সুযোগতে অসাধু ব্যৱসায়ীয়ে চৰা দামত বিক্ৰী কৰিছে শাক পাচলি। এতিয়ালৈকে সৰ্বস্বান্ত কৃষকসকলৰ খবৰ লবলৈ আহৰি পোৱা নাই কৃষি বিভাগে। পাচলিৰ বজাৰ মূল্য আকাশলংঘী হোৱাৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ বিয়াগোম যোগান বিভাগ।

বাঢ়নি পানীয়ে নষ্ট কৰিছে খেতি : সমস্যাত কৃষক
Last Updated : Jul 27, 2019, 8:36 AM IST

ABOUT THE AUTHOR

...view details