বঢ়মপুৰ, 4 মেঃ ৰহা সমষ্টিৰ এটা পথৰ দুৰৱস্থাই জীয়াতু ভোগাই আহিছে বিৰিঙা আটি ১নং ফাকলি গাঁৱৰ ৰাইজক ৷ বিধ্বস্ত পথটোৰ বাবে ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ যোৱাত অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে ঠেলাৰে ৰোগীক চিকিৎসালয়লৈ নিব লগা পৰিস্থিতিৰ সৃষ্টি হয় । সেয়েহে পথটোৰ পুনৰ নিৰ্মাণৰ দাবীত পথতে ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিলে গাঁওখনৰ পুৰুষ আৰু মহিলা সকলে ৷
ৰহা সমষ্টিত বিধ্বস্ত পথ, ভূঁই ৰুই প্ৰতিবাদ স্থানীয় ৰাইজৰ - ৰহা সমষ্টিত বিধ্বস্ত পথ
কামপুৰ বিৰিঙা আটি ১নং ফাকলিত পথত ভূঁই ৰুই প্ৰতিবাদ গাঁওবাসীৰ ৷ পথটো উন্নয়নৰ ধন আত্মসাতৰ অভিযোগ একাংশ পঞ্চায়ত প্ৰতিনিধি আৰু দালালৰ বিৰুদ্ধে
ৰহা সমষ্টিত বিধ্বস্ত পথ, ভূঁই ৰুই প্ৰতিবাদ স্থানীয় ৰাইজৰ
উল্লেখ্য যে কঠিয়াতলী উন্নয়ণ খণ্ডৰ গেৰজাইপাম গাঁও পঞ্চায়তৰ পৰা পথটোৰ উন্নয়নৰ বাবে প্ৰায় ১৭ লাখ টকাৰ অনুমোদন দিছিল যদিও একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে পথটোত মাটি পেলায়ে ধন আত্মসাত কৰাৰ অভিযোগ উঠিছে।