নগাঁও, 13 জুন :গুৱাহাটীৰ নুনমাটিত দিনদুপৰতে হত্যাৰ বলি হোৱা ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীক ফাঁচীৰ দাবী সাংসদ বদৰুদ্দিন আজমলৰ । ফাষ্ট ট্ৰেক আদালতত এই হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ আহ্বান জনায় সাংসদগৰাকীয়ে ।
লগতে পঢ়কঃদিনৰ পোহৰতে নুনমাটিত নৃংশস হত্যাকাণ্ড
লগতে নিহত ঋতুপৰ্ণ পেগুৰ পৰিয়ালক এক লাখ টকাৰ আৰ্থিক সাহাৰ্য্য প্ৰদানৰ কথাও ঘোষণা কৰে বদৰুদ্দিন আজমলে ।
বিগত শুকুৰবাৰে সামান্য কোনো কথাত তৰ্ক-বিতৰ্ক হোৱাৰ বাবেই দিনৰ পোহৰতে চোকা অস্ত্ৰৰে আঘাত কৰি হত্যা কৰা হৈছিল ঋতুপৰ্ণ পেগু নামৰ লোকজনক ৷ গাড়ীচালকৰ কাম কৰিছিল ছিলাপথাৰৰ চান্দমাৰীৰ নিবাসী ঋতুপৰ্ণ পেগুৱে ৷ তেওঁ পৰিয়ালসহ থাকিছিল গুৱাহাটীৰ কমাৰ্চ কলেজৰ সমীপৰ এটা ভাড়াঘৰত । হুছেইন আলী নামৰ লোক এজনৰ লগতে তেওঁৰ পৰিয়ালৰ অস্ত্ৰাঘাতত ঘটনাস্থীতে মৃত্যুক সাৱটি লৈছিল ঋতুপৰ্ণ পেগুই ৷
ঋতুপৰ্ণ পেগুৰ হত্যাকাৰীৰ ফাঁচীৰ দাবী সাংসদ বদৰুদ্দিন আজমলৰ চিচিটিভি ফুটেজ পৰীক্ষাৰ অন্তত নুনমাটি আৰক্ষীয়ে মূল অভিযুক্ত হুছেইন আলি, দুলাল আলি, ইব্ৰাহিম আলি আৰু মনোৱাৰা বেগমক গ্ৰেপ্তাৰ কৰিছে । আৰক্ষীয়ে হত্যাকাণ্ড সংঘটিত হোৱা দোকানখনৰ স্বত্বাধিকাৰী আৰমান আলিকো ইতিমধ্যে আটক কৰিছে ।
লগতে পঢ়কঃঋতুপৰ্ণ পেগু হত্যাকাণ্ডৰ ন্যায় বিচাৰি উত্তাল নুনমাটি থানা চৌহদ