কৰিমগঞ্জ/ৰূপহীহাট, 15 ছেপ্টেম্বৰ :ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ কৰিমগঞ্জৰ জিলাৰ বদৰপুৰৰ বৰথলত মঙলবাৰে আৰক্ষীয়ে অভিযান চলাই বিপুল পৰিমাণৰ ইয়াবা টেবলেট জব্দ কৰে । বদৰপুৰ আৰু কৰিমগঞ্জ আৰক্ষীৰ এটা যুটীয়া দলে গোপন সূত্ৰৰ ভিত্তিত চলাই এই অভিযান ৷
বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক 2 বদৰপুৰ আৰু কৰিমগঞ্জ আৰক্ষীয়ে অভিযানৰ সময়ত প্ৰায় ১০ হেজাৰৰো অধিক অবৈধ ইয়াবা টেবলেট জব্দ কৰে । আৰক্ষীৰ দলটোৱে অভিযানৰ সময়ত এজন ড্ৰাগছ ব্যৱসায়ীকো আটক কৰে ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীজনৰ নাম শৰীফ উদ্দিন ৷
বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক 2 আনহাতে, নগাঁও জিলাৰ ৰূপহীহাটৰ জুৰীয়াতো মঙলবাৰে আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখে ৷ জুৰীয়া আৰক্ষীয়ে অভিযানৰ সময়ত এটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক আটক কৰে । ধৃত ড্ৰাগছ ব্যৱসায়ীজন ছফিকুল ইছলাম বুলি জানিব পৰা হৈছে ।
বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক 2 আৰক্ষীৰ দলটোৱে ধৃত ড্ৰাগছ ব্যৱসায়ীজনৰ বাসগৃহতো অভিযান চলায় ৷ ধৃত ড্ৰাগছ ব্যৱসায়ীজনৰ বাসগৃহৰ পৰা আৰক্ষীয়ে প্ৰায় .07 গ্ৰাম হেৰ’ইনৰ লগতে খালী কণ্টেইনাৰ আৰু নগদ ৫৩,৮০০ টকা জব্দ কৰে । সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে ড্ৰাগছ ব্যৱসায়ীজনক জেৰা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক :গোৱালপাৰাত য়াবা টেবলেটসহ ৩ সৰবৰাহকাৰীক আটক