অসম

assam

By

Published : Sep 4, 2020, 4:53 PM IST

Updated : Sep 5, 2020, 6:49 AM IST

ETV Bharat / city

লাওখোৱাত বান হে শেষ হ’ল, সমস্যা নহয়

একপ্ৰকাৰ বিচ্ছিন্ন লাওখোৱাৰ যাতায়ত ব্যৱস্থা ৷ পথৰ মাজতে ঠায়ে ঠায়ে পুখুৰী সদৃশ গাঁত ৷ ফলত অঞ্চলসমূহলৈ যাব নোৱাৰে 108 এম্বুলেঞ্চ সেৱা ।

চৰম হাৰাশাস্তিৰ সন্মুখীন বান বিধ্বস্ত লাওখোৱাবাসী
বাট-পথৰ দুৰাৱস্থা

নগাঁও, 4 চেপ্তেম্বৰ : বছৰৰ তিনিটাকৈ বানে বিধ্বস্ত কৰিলে লাওখোৱাৰ বাট পথ । একপ্ৰকাৰ বিচ্ছিন্ন হৈ পৰিছে যাতায়ত ব্যৱস্থা । যাতায়তৰ নামত চৰম হাৰাশাস্তিৰ সন্মুখীন হৈছে কেইবাখনো গাঁৱৰ বাসিন্দা । পথৰ মাজতে ঠায়ে ঠায়ে পুখুৰী সদৃশ গাঁত হোৱাৰ বাবে গাঁওখনলৈ নাহে 108 এম্বুলেঞ্চ সেৱা । ফলত চিকিৎসালয়লৈ নিব নোৱাৰে জৰুৰী অৱস্থাৰ ৰোগী । ইয়াৰ মাজতে গড়কাপ্তানি বিভাগৰ এজন ঠিকাদাৰৰ কাণ্ডই কঁপালত তুলিব সকলোৰে চকু । পথৰ দাঁতিৰ মাটি কাটিয়েই পথ মেৰামতিৰ নামত জোৰা টাপলি মৰাৰ চেষ্টা ঠিকাদাৰজনৰ । এই সম্পৰ্কত ই টি ভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

বিচ্ছিন্ন লাওখোৱাৰ যাতায়ত ব্যৱস্থা

লাওখোৱাৰ ভগামুখৰ অন্তৰ্গত সাতটাকৈ অঞ্চলত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে চলিত বর্ষতে সৃষ্টি কৰিছিল বিভীষিকাৰ । অঞ্চলকেইটাৰ ঘৰ দুৱাৰ, বাট পথ সকলো ডুব গৈছিল বাঢ়নী পানীত । বুঢ়াচাপৰি অভয়াৰণ্যলৈ যোৱা একমাত্ৰ পথটোও বৰ্তমান হৈ পৰিছে বৃহৎ পুখুৰীসদৃশ । বান শেষ হোৱা এটা মাহেই পাৰ হ'ল যদিও অভয়াৰণ্যখনলৈ যোৱা পথছোৱাৰ মেৰামতিৰ বাবে এই পৰ্যন্ত নহ'ল কোনো ব্যৱস্থা । ইপিনে ভগামুখ অঞ্চলৰ বাট পথৰ এই দুৰৱস্থাৰ বাবে চাৰিচকীয়া আৰু তিনিচকীয়া বাহনৰো সম্ভৱ হোৱা নাই যাতায়ত । কোনো বাহন চলাচল কৰিব নোৱাৰা বাট পথৰ এনে অৱস্থাৰ বাবেই এইকেইখন গাঁৱলৈ আহিব নোৱাৰে 108 এম্বুলেঞ্চ সেৱা । যাৰ ফলত জৰুৰী ৰোগীক লৈ যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে গাঁওবাসী ।

বানে ছিঙি নিয়া লাওখোৱাৰ 6 নং ভগামুখৰ এটা গড়কাপ্তানি পথটোৰে 7 নং ভগামুখলৈ যোৱা হয় ৷ এই পথছোৱা এইবাৰেই নহয় প্ৰতি বছৰেই ছিগি নিয়ে লুইতৰ বাঢ়নী পানীয়ে । প্ৰতিবাৰে জোৰা টাপলিৰে মেৰামতিও কৰা হয় পথছোৱা ৷ স্থানীয় লোকৰ অভিযোগ অনুসৰি একাংশ ঠিকাদাৰৰ গাফিলতিৰ বাবেই প্ৰতি বছৰেই ছিগি যায় পথছোৱা ।

6 আৰু 7 নং ভগামুখলৈ যোৱা মূল পথচোৱাৰ পকী পথৰ মাজতে বানৰ কোৱাল সোঁতত সৃষ্টি হৈছে এটা বৃহৎ গাঁত । পথটোৰ মেৰামতিৰ ঠিকা লাভ কৰা এজন ঠিকাদাৰৰ কাণ্ডই চকু কঁপালত তুলিছে ৷ একাংশ শ্ৰমিক লগাই পথৰ দাঁতিৰ পৰাই মাটি কাটি গাঁত পুৰোৱাৰ চেষ্টা কৰিছে ঠিকাদাৰে । ঠিকাদাৰৰ কামৰ চোৱাচিতাৰ দায়িত্বত থকা এজন লোকৰ মতে, পকী পথৰ ওপৰৰ পৰাহে কাটি নিয়া হৈছে মাটি । কিন্তু ই টি ভি ভাৰতৰ কেমেৰাত বন্দী হৈছে পথৰ দাঁতিৰ পৰাই মাটি কাটি পথৰ গাঁতত পেলোৱাৰ দৃশ্য ।

এতিয়া প্ৰশ্ন হয় বান বিধ্বস্ত এলেকাৰ বাট পথ সমূহ সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে নেকি গড়কাপ্তানি বিভাগৰ একাংশ বিষয়া, ঠিকাদাৰৰ বাবে । বান বিধ্বস্ত লাওখোৱাৰ ভগামুখ বাসীৰ এতিয়া কেৱল অপেক্ষা- কেতিয়ালৈ যাতায়তৰ উপযোগী হব এইসমূহ বাট পথ ? গাঁৱলৈ কেতিয়া আহিব পাৰিব জৰুৰীকালিন সেৱা এম্বুলেঞ্চকে ধৰি বিভিন্ন যান বাহন ?

লগতে পঢ়ক :সমাগত বিশ্বকৰ্মা পূজা: মৃৎ শিল্পীসকলৰ মাজত পূৰ্বৰ দৰে নাই উছাহ

Last Updated : Sep 5, 2020, 6:49 AM IST

ABOUT THE AUTHOR

...view details