চামগুৰি, 19 জুন :চামগুৰি তিনিআলত মন্ত্ৰী অতুল বৰাৰ কনভয়ে মহতিয়াই নিলে এজন পথচাৰীক (One pedestrian injured at Samaguri) ৷ চামগুৰি হাইস্কুলৰ সন্মুখত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাৰ ফলত কনভয়খনৰ চালকসহ কেইবাজনো লোক আহত হয় ৷
ইফালে মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ গাড়ীয়ে মহতিয়াই নিয়া গুৰুতৰভাৱে আহত পথচাৰীজন চামগুৰিৰে মণিকণ দাস বুলি জানিব পৰা গৈছে ( Atul Bora’s convoy meets with accident at Samaguri Tiniali) ৷ ইতিমধ্যে স্থানীয় ৰাইজৰ সহযোগত আহসকলৰ সৈতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মণিকণ দাসক সংকটজনক অৱস্থাত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয় ।