নগাঁও, 9 ছেপ্তেম্বৰ : অসম কেৰম সন্থাক লৈ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে ৷ অসম কেৰম সন্থাক বিভক্ত কৰা ৰকিবুল হুছেইনৰ নেতৃত্বত গঠিত কেৰম সন্থাটো অবৈধ বুলি অভিযোগ উত্থাপন কৰিছে অসম কেৰম সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰদীপ হাজৰিকাই ৷
ৰকিবুল হুছেইনৰ বিৰুদ্ধে কেৰম সন্থাক লৈ ৰাজনীতি কৰাৰ অভিযোগ
অসম কেৰম সন্থাক লৈ ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন হৈছে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে ৷ অসম কেৰম সন্থাক বিভক্ত কৰা ৰকিবুল হুছেইনৰ নেতৃত্বত গঠিত কেৰম সন্থাটো অবৈধ বুলি অভিযোগ উত্থাপন কৰিছে অসম কেৰম সন্থাৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰদীপ হাজৰিকাই ৷
সোমবাৰে নগাওঁ ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত আন্তৰাষ্ট্ৰীয় কেৰম খেলুৱৈ সুৰুজ আহমেদৰ লগত এক সংবাদমেলৰ আয়োজন কৰি ৰকিবুলক তীব্ৰ সমালোচনা কৰে প্ৰদীপ হাজৰিকাই ৷ ৰকিবুল হুছেইনে ক্ৰীড়া ক্ষেত্ৰখনকো ৰাজনীতিকৰণ কৰাৰ অভিযোগ তোলে হাজৰিকাই । ইতিমধ্যে 26 আগষ্টত জিতু গোস্বামীক সভাপতি আৰু প্ৰদীপ হাজৰিকাক সম্পাদক হিচাপে লৈ এখন সন্থা গঠন হোৱাৰ পাছতো ৰকিবুলে আন এক নতুন সন্থা গঠন কৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰে হাজৰিকাই ৷ এনে অবৈধ সন্থাৰ বিৰুদ্ধে প্ৰয়োজন হ'লে আদালতৰ কাষ চাপিব বুলি হুংকাৰ দিয়ে প্ৰদীপ হাজৰিকাই ৷