অসম

assam

ETV Bharat / city

নগাঁৱত কৃষক মুক্তিয়ে দাহ কৰিলে প্ৰধানমন্ত্ৰী মোদীৰ পুত্তলিকা - নগাঁও

অসম ভ্ৰমণৰ দিনাই নগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাহ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা। কা বাতিল নকৰালৈকে অসমত তীব্ৰ আন্দোলন কৰি যাব বুলি সকিয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷

pm effigy burn At Nagaon
নগাঁৱত মোদীৰ পুত্তলিকা দাহ কৃষক মুক্তিৰ

By

Published : Jan 23, 2021, 9:55 PM IST

নগাঁও, 23 জানুৱাৰী: ৰাজ্যত পুনৰ কা' বিৰোধী আন্দোলনে গা কৰি উঠিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত দিন কেইটাত কা' আৰু ইআইএ বাতিলৰ দাবীত ভিন্ন ধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে বিভিন্ন দল সংগঠনে ৷ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ দিনাই নগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাহ কৰে মোদীৰ পুত্তলিকা।

শনিবাৰে ভূমিহীন লোকৰ ভূমিপট্টা প্ৰদানৰ উদ্দেশ্যে শিৱসাগৰলৈ অহাৰ সময়তে নগাঁৱত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে দাহ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিয়ে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । নগাঁৱৰ কৃষ্ণাইঘাটৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতেই সংগঠনটোৱে দাহ কৰে নৰেন্দ্ৰ মোদীৰ পুত্তলিকা । নৰেন্দ্ৰ মোদী গ' বেক, নৰেন্দ্ৰ মোদী মূর্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ।

নগাঁৱত কৃষক মুক্তিয়ে দাহ কৰিলে প্ৰধানমন্ত্ৰী মোদীৰ পুত্তলিকা

ইফালে, শিৱসাগৰৰ পৰা উভতি যোৱাৰ পিছতেই নৰেন্দ্ৰ মোদীয়ে শিৱসাগৰৰ ঐতিহাসিক সম্পদসমূহ পুঁজিপতিৰ ওচৰত বিক্ৰী কৰি দিব বুলি কটাক্ষ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে।

এই প্ৰতিবাদৰ ফলস্বৰূপে যোৰহাট, তেজপুৰ, লখিমপুৰ আদিকে ধৰি কেইবাখনো জিলাত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় ৷ প্ৰতিবাদস্থলীত প্ৰতিবাদকাৰী আৰু প্ৰশাসনৰ মাজত সংঘাট সৃষ্টি হোৱাৰো দেখা যায় ৷ প্ৰশাসনে প্ৰতিবাদ, সমদল আদিৰ ক্ষেত্ৰত ধাৰা 144 জাৰি কৰিছে যদিও কা' বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি গ’ল বিভিন্ন দল সংগঠনে ৷

লগতে পঢ়ক-তেজপুৰত ১২ ঘন্টীয়া শোণিতপুৰ জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ

ABOUT THE AUTHOR

...view details