অসম

assam

ETV Bharat / city

বটদ্ৰৱা থানলৈ ১৮৬ কোটি টকা ঘোষণা চৰকাৰৰ - নগাঁও

গুৰুজনাৰ পবিত্ৰ জন্মস্থান বটদ্ৰৱা থানলৈ চৰকাৰৰ বিশেষ পেকেজ ঘোষণা ৷ ১৮৬ কোটি টকা ব্যয় সাপেক্ষে সত্ৰখন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা চৰকাৰৰ ৷

thanks to Govt by batadraba than committee
বটদ্ৰৱা প্ৰকল্পঃ ১৮৬ কোটি টকা ঘোষণা চৰকাৰৰ

By

Published : Dec 27, 2020, 10:13 PM IST

নগাঁও,27 ডিচেম্বৰঃ নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ পবিত্র জন্মস্থান বটদ্রৱা থানক চৰকাৰে পৰ্যটনৰ কেন্দ্ৰস্থলী ৰূপে গঢ়াৰ প্ৰতিশ্ৰুতি দিয়ে ৰাইজক ৷ ইফালে চৰকাৰৰ তৰফৰ পৰা ১৮৬ কোটি টকা ধন আৱন্টনৰে যোৱাকালি গুৱাহাটীৰ আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত বটদ্ৰৱা থানৰ বিকাশ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে।

বটদ্ৰৱা প্ৰকল্পঃ ১৮৬ কোটি টকা ঘোষণা চৰকাৰৰ

ইয়াৰোপৰি অসম দৰ্শন আঁচনিৰ অধীনত নগাঁও-বৰদোৱা সংযোগী পথটো চাৰিলেন যুক্ত কৰিবলৈ প্রায় ২০০ কোটি টকা আবন্টন দিয়াৰ কথা ঘোষণা কৰে ৷ লগতে বটদ্ৰৱা থান খনক এক অনন্য সাংস্কৃতিক, ধৰ্মীয় তথা পৰ্যটকৰ আকৰ্ষণ স্থলী ৰূপে প্ৰচাৰ আৰু প্ৰসাৰ কৰিবলৈ অসম চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই ঐতিহাসিক ক্ষণক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে বটদ্ৰৱা থানৰ সকলো ভক্তপ্ৰাণ ৰাইজ । চৰকাৰে লোৱা এই পদক্ষেপক সকলো ৰাইজে কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷

লগতে পঢ়ক:ক্ৰমাৎ নিঃচিহ্ন হোৱাৰ পথত লখিমপুৰৰ ঐতিহাসিক ঘূণাসূঁতি

ABOUT THE AUTHOR

...view details