অসম

assam

ETV Bharat / city

নগাঁৱত প্ৰধান মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ কৃষক মুক্তিৰ - নগাঁও জিলা

নগাঁও জিলাৰ কৃষ্ণাইঘাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তোলিকা দাহ কৰি তীব্ৰ প্ৰতিাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে ।

kmss_protest at Nagaon
নগাঁৱত প্ৰধান মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ কৃষক মুক্তিৰ

By

Published : Dec 27, 2020, 5:16 PM IST

নগাঁও, 27 ডিচেম্বৰঃ শেহতীয়াকৈ চৰকাৰে প্ৰতিমোন ধানৰ দৰ 720 টকাকৈ ধাৰ্য কৰিছিল যদিও কৃষক সকলে প্ৰতিমোন ধানত 720 টকাৰ বিপৰীতে মাত্ৰ 400 টকাত বিক্ৰী কৰিবলগীয়া হোৱাত জাঙুৰ খাই উঠিছে কৃষক সকলৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকল। দীৰ্ঘ দিন ধৰি বিজেপি মিত্ৰজোঁট চৰকাৰ খনে কৃষক সকলক প্ৰবঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰি দেওবাৰে নগাঁৱৰ কৃষ্ণাইঘাট বাইপাছত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তিৰ নগাঁও জিলা সমিতিৰ সদস্য সকলে ।

নগাঁৱত প্ৰধান মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ কৃষক মুক্তিৰ

ইফালে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰ খনে দেশৰ সকলো সা সম্পত্তি ব্যক্তিগত খণ্ডক গতাই দি খিলঞ্জীয়া লোক সকলৰ অস্তিত্ব নাশ কৰাৰ চেষ্টা কৰা বুলি অভিযোগ কৰে প্ৰতিবাদ কাৰী সকলে ৷ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুত্তলিকা দাহ কৰি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ।

উক্ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন প্ৰান্তৰ পৰা বহু পুৰুষ মহিলায়ো অংশগ্ৰহণ কৰে । আনহাতে কৃষক সকলৰ উৎপাদিত সামগ্ৰীৰ সমূহৰ উচিত মূল্য দিয়াৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান জনাইছে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক-সৰিয়হৰ হালধীয়াৰে উপচিছে সোৱণশিৰি-ৰঙানদীৰ দুয়োপাৰ

ABOUT THE AUTHOR

...view details