অসম

assam

ETV Bharat / city

ৰাষ্ট্ৰীয় ভোটদাতা দিৱস পালন - নগাঁও জিলা

ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ লগত সংগতি ৰাখি সোমবাৰে কলিয়াবৰতো সজাগ আৰু সচেতনতা বৃদ্ধিৰ উদ্দেশ্যে এখন সভা অনুস্থিত হয় ৷ উক্ত সভাখনত নগাঁও জিলাৰ নিৰ্বাচনী বিষয়াৰ উপস্থিতিত বহু কেইজন লোকক ভোটাৰ কাৰ্ড প্ৰদান কৰে ৷

Voters Day Observed at Kaliabor
নগাঁৱত ৰাষ্ট্ৰীয় ভোটদাতা দিৱস পালন

By

Published : Jan 25, 2021, 4:27 PM IST

কলিয়াবৰ,25 জানুৱাৰী : কলিয়াবৰ প্ৰশাসনৰ উদ‍্যোগত সোমবাৰে একাদশ ৰাষ্ট্ৰীয় ভোটদাতা দিৱস পালন কৰা হয় ৷ এই দিৱসত ভোটাৰ ৰাইজক শক্তিশালী, সজাগ আৰু সচেতন হোৱা আহ্বান জনাই নিৰ্বাচনী বিষয়া সকলে ৷ ২০১১ চনৰ ২৫ জানুৱাৰীত ভাৰতৰ নিৰ্বাচনী আয়োগৰ ৬১তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি, তেতিয়াৰ ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিংপাটিলে এই দিৱসৰ আনুষ্ঠানিক শুভাৰম্ভণী কৰিছিল।

নগাঁৱত ৰাষ্ট্ৰীয় ভোটদাতা দিৱস পালন
প্ৰধানমন্ত্ৰী মনমোহন সিঙে সভাপতিত্ব কৰা কেবিনেট মন্ত্ৰীৰ এখন সভাত ৰাষ্ট্ৰীয় মতদাতা দিৱস উদযাপনৰ সিদ্ধান্ত লোৱা হৈছিল। ভাৰতৰ আইন মন্ত্ৰণালয়ে এই দিৱস উদযাপন কৰা বাবে প্ৰস্তাৱ আগবঢ়াইছিল । ৰাষ্ট্ৰীয় ভোটদাতা দিৱস ভাৰতৰ সকলো নিৰ্বাচনী কেন্দ্ৰতে পালন কৰা হয় । প্ৰতিটো নিৰ্বাচনী কেন্দ্ৰত ১৮ বছৰ সম্পূৰ্ণ কৰা ব্যক্তি চিনাক্ত কৰি তেওঁলোকক ভোটদানৰ বিষয়ে সজাগ কৰা এই দিৱসৰ মূল উদ্দেশ্য । ভোটাধিকাৰ লাভ কৰা ব্যক্তিক চিনাক্ত কৰি ভোটাৰ পৰিচয় পত্ৰ প্ৰদান কৰা এই দিৱসৰ অন্যতম উদেশ্য । প্ৰতি বছৰে ১ জানুৱাৰীত এই চিনাক্তকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হয় আৰু ২৫ জানুৱাৰীত তেওঁলোকক ফটোযুক্ত ভোটাৰ কাৰ্ড প্ৰদান কৰা হয় । সমান্তৰালকৈ নগাঁৱৰ কলিয়াবৰতো নগাঁও জিলাৰ নিৰ্বাচনী বিষয়া মৃনালিনী দাস, কলিয়াবৰৰ মহকুমাধিপতি বিতোপন নেওগ, কলিয়াবৰ মহকুমাৰ নিৰ্বাচনী বিষয়া বাৰ্বী হাজৰিকাৰ উপস্থিতিত নৱ ভোটাৰসকলক ভোটাৰ কাৰ্ড প্ৰদান কৰে।

ABOUT THE AUTHOR

...view details