কলিয়াবৰ, 13 এপ্ৰিল :ক’বলৈ লৈছো এজন ঢোলবাদকৰ কথা ৷ মাত্ৰ সোতৰ বছৰ বয়সতে ছোভিয়েট ৰাছিয়াত ঢোলৰ যাদুৰে চমক সৃষ্টি কৰা কলিয়াবৰৰ এইজন ঢুলীয়াজনৰ নাম মাধৱ শইকীয়া ৷ উচ্চতৰ মাধ্যমিকত পঢ়ি থকা কালত ঢুলীয়া ৰূপে মাধৱ শইকীয়া আছিল অনন্য । অসমৰ বিভিন্ন স্থানত বিহু প্ৰদৰ্শনৰ লগতে নতুন দিল্লীত নেহৰু যুৱ কেন্দ্ৰৰ দ্বাৰা অনুষ্ঠিত সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰা বিহু দলটোৰ অন্যতম সদস্য আছিল মাধৱ শইকীয়া ।
কলিয়াবৰৰ পোৰাভেটি গাঁৱৰ মইনা পাৰিজাতৰ জৰিয়তে শিশু অৱস্থাতে সাংস্কৃতিক পথাৰখনত খোজ পেলোৱা কলিয়াবৰ পোৰাভেটিৰ মাধৱ শইকীয়াই সেই সূত্ৰে 1987 চনৰ ভাৰত-ছোভিয়েট মৈত্ৰী চুক্তি অনুযায়ী সাংস্কৃতিক বিনিময় কাৰ্যসূচীত ভাৰতৰ তৰফৰ পৰা প্ৰেৰণ কৰা বিহু দলৰ সদস্য হোৱাৰ সুবিধা লাভ কৰিছিল ।
ৰাছিয়াৰ মস্কো মহানগৰৰ লেনিন ষ্টেডিয়ামত অনুষ্ঠিত এই পোন্ধৰ দিনীয়া সাংস্কৃতিক অনুষ্ঠানত শিল্পী প্ৰতিনিধি ৰূপে অসমক প্ৰতিনিধিত্ব কৰাৰ বাবে অসম চৰকাৰে মাধৱ শইকীয়াক 10,000 টকা, এটা ভি. আই. পি. চ্যুটকেছ, দুখন বিহু চুৰীয়া, গামোছা, টঙালী, এটা ঢোল, টাইসহ এযোৰ চুট, এজোৰ জোতা প্ৰদান কৰিছিল । সেই সময়ত এক ডলাৰৰ ভাৰতীয় মূল্য আছিল 13.25 টকা ।