অসম

assam

ETV Bharat / city

স্বাধীনতা কাপ ফুটবলৰ ছেমি ফাইনেলত প্ৰৱেশ অসম পুলিচ ব্লু'ৰ

স্বাধীনতা দিৱস কাপ ফুটবলৰ ছেমি ফাইনেললৈ অগ্ৰগতি অসম পুলিচ ব্লু'(AP Blues enter semis)ৰ । নিৰ্দ্ধাৰিত সময়ত অমীমাংসিত খেলখনত টাই ব্ৰেকাৰ পদ্ধতিত জয়লাভ অসম পুলিচ ব্লু'ৰ ।

By

Published : Dec 4, 2021, 10:41 PM IST

independent_cup_football
স্বাধীনতা কাপ ফুটবলত ছেমি ফাইনেলত প্ৰৱেশ অসম পুলিচ ব্লু'ৰ

নগাঁও, 4 নৱেম্বৰ : নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত চলি থকা ৭৩ সংখ্যক স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেল শনিবাৰে অনুষ্ঠিত হয় । দিবা নৈশ খেলখন(Day Night Football Match)ত তিনিচুকীয়াৰ বদৌচা স্পৰ্টছ ক্লাৱক হৰুৱাই ছেমি ফাইনেলত প্ৰৱেশ কৰে অসম পুলিচ ব্লু দলে ।

স্বাধীনতা কাপ ফুটবলত ছেমি ফাইনেলত প্ৰৱেশ অসম পুলিচ ব্লু'ৰ

কোৱাৰ্টাৰ ফাইনেল খেলখন নিৰ্দ্ধাৰিত সময়ত কোনো এটা দলে গ’ল কৰিবলৈ সক্ষম নোহোৱাত অমীমাংসিত হৈ হয় ৷ অৱশেষত টাইব্ৰেকাৰৰ সহায়ত অসম পুলিচ ব্লু দলে তিনিচুকীয়াৰ বদৌচা স্পৰ্টছ ক্লাৱক ৪-২ গ'লত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে ৷

স্বাধীনতা কাপ ফুটবলত ছেমি ফাইনেলত প্ৰৱেশ অসম পুলিচ ব্লু'ৰ

টাই ব্ৰেকাৰত পুলিচ দলৰ হৈ ৰত্ন দেৱ ৰাভা, এন বিকাশ সিং, অজয় বাকলা, মালেৰাম বসুমতাৰীয়ে গ'ল দিয়াৰ বিপৰীতে বদৌচা দলৰ হৈ নিতুল দত্ত আৰু দিপেন মৰাণে দুটা গ'ল দিয়ে ।

লগতে পঢ়ক :NHPC ৰ প্ৰকল্পৰ বিৰুদ্ধে পুনৰ আন্দোলনৰ হুংকাৰ জাতীয় দল-সংগঠনৰ

ABOUT THE AUTHOR

...view details