ৰূপহীহাট, 5 জুন :নগাঁও জিলাৰ ৰূপহীহাটৰ চুপাৰী ফেক্টৰীত অভিযান চলালে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । শুকুৰবাৰে নিশাই আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই বাৰ্মিজ চুপাৰী মজুত ৰখাৰ সন্দেহত বৃহৎ পৰিমাণৰ চুপাৰী জব্দ কৰাৰ পিছত শনিবাৰ পৰ্যন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান । শনিবাৰে স্থানীয় দণ্ডাধীশৰ উপস্থিতিত ৰূপহীহাটৰ ফাকলী, নতুন বজাৰ আদি স্থানৰ কেবাটাও ফেক্টৰীত অভিযান চলায় নগাঁও আৰক্ষীৰ এটা বৃহৎ দলে ।
ৰূপহীহাটত তামোল ফেক্টৰীত আনন্দ মিশ্রৰ অভিযান অভিযানত অঞ্চলটোৰ কেবাটাও ফেক্টৰী ছীল কৰাৰ লগতে কেইবা কোটি টকাৰো অধিক মূল্যৰ চুপাৰী জব্দ কৰে আৰক্ষীৰ দলটোৱে । ৰূপহীহাটৰ নতুন বজাৰৰ এটা ফেক্টৰীৰ পৰা জব্দ কৰে পাঁচ শ বস্তা চুপাৰী ।
একেদৰে ফাঁকলীৰ পৰাও আৰক্ষীৰ দলটোৱে জব্দ কৰে বৃহৎ পৰিমাণৰ চুপাৰি । আৰক্ষীৰ অভিযানৰ সময়ত উদ্ধাৰ হয় মেড অন বাংলাদেশ লিখা চুপাৰী ভৰ্তি এটা বস্তা । ইয়াকে লৈ সৃষ্টি হৈছে আন এক চাঞ্চল্যৰ । অবৈধভাৱে বাৰ্মিজ চুপাৰী মজুত ৰখাৰ অভিযোগ লাভ কৰিয়েই নগাঁও আৰক্ষীয়ে ৰূপহীহাটৰ চুপাৰী ফেক্টৰীত অব্যাহত ৰাখিছে । চুপাৰী ফেক্টৰীৰ সৈতে জড়িত কেইবাজনো লোকক এইপৰ্যন্ত সোধা-পোছাৰ বাবে আটক কৰিছে নগাঁও আৰক্ষীয়ে ।
উল্লেখ্য যে , দীৰ্ঘদিন ধৰি নগাঁৱৰ ৰূপহীহাটত চলি থকা চুপাৰী ফেক্টৰীত হঠাৎ নগাঁও আৰক্ষীয়ে অভিযান আৰম্ভ কৰাত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ ৰূপহীহাট অঞ্চলত ।
লগতে পঢ়ক :নলবাৰী সদৰ থানাত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা