অসম

assam

ETV Bharat / city

পুতলা থিয়েটাৰ পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস এটি শিল্পী দম্পতীৰ - Covid 19

পুতলা নাচক ভাৰতীয় নাট্য সাহিত্যৰ আদি বুলি কোৱা হয় । কিন্তু সম্প্ৰতি আধুনিকতাৰ ধামখুমীয়াত ক্ৰমাৎ হেৰাই যাব ধৰা এই প্ৰাচীন লোক কলাৰ অন্যতম পুতলা নাচক জীয়াই ৰখাৰ প্ৰয়াস নগাঁৱৰ এটি দম্পতীৰ ।

An artist couple trying to revive the toy theatre
পুতলা থিয়েটাৰ উজ্জীৱিত কৰাৰ চেষ্টা এহাল শিল্পী দম্পতীৰ

By

Published : Nov 3, 2021, 9:42 PM IST

নগাঁও, 3 নৱেম্বৰ : প্ৰাচীন লোককলাৰ অন্যতম পুতলা নাচ । সম্প্ৰতি আধুনিকতাৰ ধামখুমীয়াত যেন ক্ৰমাৎ হেৰাই যাব ধৰিছে প্ৰাচীন লোককলাৰ অন্যতম পুতলা নাচ । ইয়াৰ মাজতে পুতলা নাচ জীয়াই ৰখাৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে নগাঁৱৰ এটা শিল্পী দম্পতীয়ে । নাম গিৰিধৰ সেনাপতি আৰু পত্নী পদ্মা সেনাপতি । নগাঁও জিলাৰ ভালুকমাৰীৰ গিৰিধৰ সেনাপতিয়ে ১৯৭৭ চনতে জড়িত হৈ পৰিছিল শ্ৰীমন্ত শংকৰদেৱ পুতলা নাচ দলৰ সৈতে ।

পুতলা থিয়েটাৰ উজ্জীৱিত কৰাৰ চেষ্টা এহাল শিল্পী দম্পতীৰ

হাতীচোং মৌজাৰ পশ্চিম অঞ্চল কাকমাৰীৰ বেথাৰাম বৰাৰ পুতলা নাচ দলৰ সৈতে জড়িত হৈ পৰৱৰ্তী সময়ত ১৯৭৯ চনত নিজেই জন্ম দিয়ে নৱৰত্ন পুতলা থিয়েটাৰৰ । সেই সময়ৰ পৰাই পুতলা থিয়েটাৰ ভ্ৰাম্যমাণ হিচাপে প্ৰদৰ্শন কৰি আহিছে গিৰিধৰ সেনাপতিয়ে । সেই সময়ত হাতীচোং অঞ্চলটোৰ পৰা কেবাটাও পুতলা থিয়েটাৰৰ দল জন্ম হৈছিল যদিও পৰৱৰ্তী সময়ত পুতলা থিয়েটাৰ সমূহ বন্ধ হৈ পৰে । অৱশ্যে আজি পৰ্যন্ত এই কলাবিধ জীয়াই ৰখাৰ চেষ্টা কৰি আহিছে গিৰিধৰ সেনাপতিয়ে ।

গিৰিধৰ সেনাপতিৰ পুতলা থিয়েটাৰ দলটোৱে মঞ্চত লক্ষীন্দৰ বেউলা, সাবিত্ৰী-সত্যবান, ভক্ত প্ৰহ্লাদ, অকাল বোধন, দক্ষ যজ্ঞ, ৰজা হৰিচন্দ্ৰ, গাভৰু জুই, নাঙঠ মানুহ আদি পৌৰাণিক আৰু সামাজিক নাটক মঞ্চস্থ কৰি আহিছে । গিৰিধৰ সেনাপতিৰ এই শিল্পকৰ্মত আৰম্ভণিৰ পৰাই সহযোগ কৰি আহিছে গিৰিধৰ সেনাপতিৰ পত্নী পদ্মা সেনাপতিয়ে । গিৰিধৰ সেনাপতিৰ লগত পত্নী পদ্মা সেনাপতিয়ে পুতলা নির্মাণ, পুতলাৰ সাজসজ্জা প্ৰস্তুত কৰা, পুতলা নচুওৱা, গীত গোৱা, বাদ্য সংগত কৰা, সংলাপ দিয়া আদি কামত সম্পূৰ্ণ সহযোগ কৰি আহিছে ।

এই শিল্পী দম্পতীয়ে প্ৰাচীন লোককলা জীয়াই ৰখাৰ অশেষ চেষ্টা অব্যাহত ৰাখিছে যদিও বিগত দুটা বছৰে ক'ভিড সৃষ্ট পৰিবেশৰ বাবে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ পৰিছে । ক'ভিড সৃষ্ট জটিল পৰিবেশৰ সময়ত চৰকাৰৰ এককালীন সাহায্য লাভ কৰিছে যদিও এই শিল্পী দম্পতীয়ে আজি পৰ্যন্ত লাভ কৰা নাই নিয়মীয়া শিল্পী পেঞ্চন । সম্প্ৰতি তীব্ৰ আৰ্থিক সংকটত ভোগা এই শিল্পী দম্পতীয়ে শিল্পী পেঞ্চন লাভ নকৰাত অসন্তুষ্ট পৰিয়ালটো । শিল্পী দম্পতীয়ে চৰকাৰৰ শিল্পী পেঞ্চন কেতিয়া লাভ কৰে সেয়া এক বৃহৎ প্ৰশ্ন হৈ পৰিছে পৰিয়ালটোৰ বাবে ।

লগতে পঢ়ক :আমগুৰিৰ হাফলুটিঙত ৰাসৰ বাবে মুখাশিল্পীৰ ব্যস্ততা

ABOUT THE AUTHOR

...view details