অসম

assam

Wrong treatment: পুনৰ বিতৰ্কত নগাঁৱৰ জি ডি নাৰ্ছিং হোম এণ্ড ৰিচাৰ্ছ চেণ্টাৰ

By

Published : Jul 13, 2022, 9:40 PM IST

পুনৰ বিতৰ্কৰ আৱৰ্তত নগাঁৱৰ জি ডি নাৰ্ছিং হোম এণ্ড ৰিচাৰ্ছ চেণ্টাৰ । ১৪ দিনত দুবাৰকৈ ভুল অস্ত্ৰোপচাৰৰ বলি এজন কিশোৰ, নগাঁৱৰ জি ডি নাৰ্ছিং হোম এণ্ড ৰিচাৰ্ছ চেণ্টাৰত উত্তপ্ত পৰিস্থিতি(Allegation of wrong treatment by private nursing home) ।

allegation-of-wrong-treatment-by-private-nursing-home-in-nagaon
পুনৰ বিতৰ্কত নগাঁৱৰ জি ডি নাৰ্ছিং হোম এণ্ড ৰিচার্জ চেণ্টাৰ

নগাঁও, 13 জুলাই :পুনৰ বিতৰ্কত সাঙোৰ খাই পৰিছে নগাঁৱৰ জি ডি নাৰ্ছিং হোম এণ্ড ৰিচাৰ্ছ চেণ্টাৰ(GD Nursing Home and Research Centre) । ভুল চিকিৎসা, ৰোগীৰ লগত দুৰ্ব্যৱহাৰ আদি অভিযোগৰ বাবে প্ৰায়ে বিতৰ্কৰ আৱৰ্তত থকা নগাঁৱৰ খুটিকটীয়াৰ জি ডি নাৰ্ছিং হোম এণ্ড ৰিচাৰ্ছ চেণ্টাৰত আজি পুৱাই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়(Allegation of wrong treatment by private nursing home) । শল্য চিকিৎসা বিভাগৰ চিকিৎসক ডাঃ গোপাল চন্দ্ৰ ৰয়ক গ্ৰেপ্তাৰৰ দাবীত নগাঁৱৰ গমাৰিআটিৰ ৰাইজে চিকিৎসা বিভাগৰ চিকিৎসক ডাঃ গোপাল চন্দ্ৰ ৰায়ক গ্ৰেপ্তাৰৰ দাবীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে চিকিৎসালয়খনত ।

পুনৰ বিতৰ্কত নগাঁৱৰ জি ডি নাৰ্ছিং হোম এণ্ড ৰিচার্জ চেণ্টাৰ

জানিব পৰা মতে, গমাৰিআটিৰ এগৰাকী কিশোৰৰ পেটৰ বিষৰ বাবে চিকিৎসক গৰাকীক দেখুৱাইছিল অভিভাৱকে । ইয়াৰ পিছতে কিশোৰ গৰাকীৰ এপেনডিক্সৰ অস্ত্ৰোপচাৰ কৰাৰ পৰামৰ্শ দিয়ে ডা: গোপাল ৰয়ে । কিন্তু অস্ত্ৰোপচাৰ কৰাৰ পিছতো পেটৰ বিষ নকমাত চিকিৎসক গৰাকীয়ে কিশোৰ গৰাকীক নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাৰ পৰামৰ্শ দিয়ে ।

নগাঁৱৰ চৰকাৰী চিকিৎসকে কিশোৰগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত জনায় যে তেঁওৰ কোনো অস্ত্ৰোপচাৰ চিকিৎসকে কৰা নাই । ইয়াৰ পিচতে পৰিয়ালৰ লোকে পুনৰ কিশোৰ গৰাকীক ডাঃ গোপাল ৰয়ৰ ওচৰলৈ লৈ যায় । কিন্তু পুনৰ ডাঃ গোপাল ৰয়ে কিশোৰ গৰাকীৰ অস্ত্ৰোপচাৰ কৰাৰ পৰামৰ্শ দিয়ে পৰিয়ালক । কিশোৰ গৰাকীয়ে আৰোগ্য লাভ কৰাৰ আশাত পৰিয়ালৰ লোকে চিকিৎসক গৰাকীৰ প্ৰস্তাৱত সন্মতি দিয়ে ।

পিছে এই অস্ত্ৰোপচাৰৰ পিচত কিশোৰগৰাকীৰ অৱস্থা অতি জটিল হৈ পৰে । উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে কিশোৰগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় । জিএমচিএইচৰ চিকিৎসকে কিশোৰগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত চিকিৎসকৰ ভুল চিকিৎসাৰ বাবেই কিশোৰগৰাকীৰ অৱস্থা জটিল হৈ পৰাৰ কথা উল্লেখ কৰে ।

ভুল চিকিৎসাৰ বিষয়ে জানিব পাৰি পৰিয়ালৰ লোকে ডাঃ গোপাল চন্দ্ৰ ৰয়ক এই বিষয়ে প্ৰশ্ন কৰাত তেওঁ নিজৰ ভুল স্বীকাৰ কৰাৰ লগতে কিশোৰটিৰ চিকিৎসা ব্যয় তেওঁ পৰিশোধ কৰাৰ আশ্বাস দিয়ে । লগতে এই ঘটনাৰ বিষয়ে সংবাদ মাধ্যমক নজনাবলৈকো পৰিয়ালৰ লোকক অনুৰোধ কৰে চিকিৎসকগৰাকীয়ে । কিন্তু পৰিয়ালৰ লোকে ডাঃ গোপাল ৰয়ৰ প্ৰস্তাৱক প্ৰত্যাখান কৰাৰ লগতে তেঁওক গ্ৰেপ্তাৰ কৰাৰ দাবীত নগাঁৱৰ জি ডি নাৰ্ছি হোম এণ্ড ৰিচাৰ্ছ চেণ্টাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।

পৰিয়ালৰ লোকৰ উগ্ৰমূৰ্ত্তি দেখি চিকিৎসালয়খনৰ পৰা পলায়ন কৰে চিকিৎসক ডাঃ গোপাল ৰয়ে । ইতিমধ্যে, ভুক্তভোগী পৰিয়ালটোৱে নগাঁও আৰক্ষীক এই সংক্ৰান্তত এক অভিযোগ দাখিল কৰিছে ৷ উল্লেখযোগ্য যে, পূৰ্বে কেইবাবাৰো ভুল চিকিৎসা প্ৰদানৰ অভিযোগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল এইখন জি ডি নাৰ্ছিং হোম এণ্ড ৰিচাৰ্ছ চেণ্টাৰত। কিন্তু ইমানৰ পিছতো যেন কোনো শিক্ষা লোৱা নাই ব্যক্তিগত নাৰ্ছিং হোম খনৰ কৰ্তৃপক্ষই ৷

লগতে পঢ়ক :Japanese Encephalitis update: জাপানীজ এনকেফেলাইটিছত মৃত্যুৰ সংখ্যা 13 জনলৈ বৃদ্ধি

For All Latest Updates

ABOUT THE AUTHOR

...view details