অসম

assam

By

Published : May 11, 2022, 10:14 PM IST

ETV Bharat / city

ভাইৰেল ফোন ৰেকৰ্ডিঙে বিপদত পেলাব নেকি চৰ্চিত আৰক্ষী বিষয়া জোনমণিক

সততেই চৰ্চাত থকা অসম আৰক্ষীৰ এগৰাকী বিষয়া হৈছে উপ-পৰিদৰ্শক জোনমণি ৰাভা (Si Joonmoni Rabha controversy) ৷ প্ৰথমে বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় ভূঞাৰ ফোনকল কৰিলে ভাইৰেল ৷ তাৰ পাচতে প্ৰৱঞ্চনাৰ গোচৰত আটক কৰিলে নিজৰ ভাবি স্বামীক ৷ আৰু এইবাৰ ভাইৰেল হৈছে জোনমণি ৰাভাৰ নিজৰেই ফোনকল ৷

Si Joonmoni Rabha controversy
Si Joonmoni Rabha controversy

নগাঁও, 11 মে’:উৎকোচ বিতৰ্কত নাম সাঙোৰ খাই চৰ্চালৈ আহিছে নগাঁও সদৰ আৰক্ষী থানাৰ মহিলা শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভা (SI Joonmoni Rabha viral phone call) ৷ ভাইৰেল হোৱা আন এটা কল ৰেকৰ্ডিঙে যেন বদনামী কৰিলে আৰক্ষী বিষয়াগৰাকীৰ লগতে সমগ্ৰ আৰক্ষী বিভাগক ৷ এই কল ৰেকৰ্ডিং জোনণি ৰাভাৰ বুলি উল্লেখ কৰিছে মাজুলীৰ গড়মূৰৰ এগৰাকী লোকে ৷

জানিব পৰা মতে, মাজুলীৰ অজিত বৰা নামৰ এগৰাকী লোকে গড়মূৰ আৰক্ষী থানাত দাখিল কৰিছে এখন এজাহাৰ ৷ য'ত নাম উল্লেখ আছে নগাঁও সদৰ আৰক্ষী থানাৰ মহিলা শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ (FIR against SI Joonmoni Rabha) ৷ এজাহাৰত মূল অভিযুক্ত কৰা হৈছে মাজুলীৰ ৰানা পগাগক ৷ এছ আই জোনমণি ৰাভাৰ হ’বলগীয়া স্বামী আছিল ৰানা পগাগ (Fraud Rana Pagag arrested)৷ নিজকে অ’ এন জি চিৰ বিষয়া বুলি ভুৱা বুলি পৰিচয় দিয়াৰ অভিযোগত মাত্ৰ কেইদিনপূৰ্বে গ্ৰেপ্তাৰ কৰি ৰানা পগাগল জেল হাজোতলৈ প্ৰেৰণ কৰিছিল এইগৰাকী এছ আই জোনমণি ৰাভাই ৷ ৰানা পগাগৰ বিৰুদ্ধে উত্থাপন কৰিছিল প্ৰৱঞ্চনাৰ অভিযোগ ।

ভাইৰেল ফোন ৰেকৰ্ডিঙে বিপদত পেলাব নেকি চৰ্চিত আৰক্ষী বিষয়া জোনমণিক

কিন্তু এইবাৰ পোহৰলৈ আহিছে ৰানা পগাগৰ কু-কীৰ্তিৰ সৈতে এছ আই জোনমণি ৰাভা জড়িত থকাৰ কিছু তথ্য ৷ এজাহাৰকাৰী অজিত বৰাই আৰক্ষী থানাত দাখিল কৰা বেংকৰ তথ্যত এছ আই জোনমণি ৰাভাৰ একাউন্টত ধন জমা দিয়াৰ আছে স্পষ্ট প্ৰমাণ ৷

আচলতে, অ’ এন জি চিৰ অধীনত বহু কোটি টকাৰ ঠিকা দিয়াৰ নামত অজিত বৰাৰ পৰা ৰানা পগাগে সৰকাইছিল তেৰ লাখ টকা ৷ সমগ্ৰ লেনদেনত এছ আই জোনমণি ৰাভাও জড়িত থকা বুলি উল্লেখ আছে এজাহাৰত । অভিযোগকাৰীৰ ঠিকাৰ নামত লোৱা উৎকোচৰ ধন উভতাই বিচাৰি থকাৰ সময়তে জোনমনিয়ে নিজেই হ’বলগীয়া স্বামী ৰানা পগাগক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰিছিল জেল হাজোতলৈ ।

উৎকোচৰ ধন উভতাই বিচাৰি অজিত বৰাই বাৰম্বাৰ ফোন কৰাৰ মাজতে হ’বলগীয়া স্বামীক গ্ৰেপ্তাৰ কৰি নিজে ধোৱা তুলসীৰ পাত সজোৱাৰ চেষ্টা কৰিছিল নেকি এছ আই জোনমণি ৰাভাই ? এই প্ৰশ্ন উত্থাপন হৈছে বহুতৰ মনত ৷ দুৰ্নীতিমুক্ত অসম গঢ়াৰ বাবে চৰকাৰৰ লগতে অসম আৰক্ষীয়েও চেষ্টা অব্যাহত ৰখাৰ সময়তে এছ আই জোনমণি ৰাভাৰ বিৰুদ্ধে উঠা অভিযোগৰ ক্ষেত্ৰত কি ব্যবস্থা ল'ব অসম আৰক্ষীয়ে, সেয়া পৰৱৰ্তী সময়ত লক্ষ্যনীয় হ’ব ৷

লগতে পঢ়ক :ওলোটা খৰ : জোনমণি ৰাভাৰ বিৰুদ্ধে ভাবী স্বামীৰ হৈ ধন সংগ্ৰহৰ অভিযোগ

ABOUT THE AUTHOR

...view details