নগাঁও, 4 আগষ্ট: আহোম জাতিৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি ৰাজ্য উত্তাল কৰি ৰাখিছে বিজেপি নেত্ৰী আঙুৰলতা ডেকাই (Angoorlata Deka controversy) । আহোম সকলৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰা বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে বৃহস্পতিবাৰে নগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰে টাই আহোম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে (ATASU protest against Angoorlata Deka)। জিলা উপায়ুক্ত কাৰ্যালয়ৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে গৰজি উঠে সংগঠনটো ।
টাই আহোম ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিৰ উপ সভাপতিয়ে কয়, ‘‘আঙুৰলতা ডেকা এগৰাকী পাবত গজা নেত্ৰী । আঙুৰলতা ডেকাৰ গাত মোগলৰ তেজ আছে । আঙুৰলতা ডেকা মোগলৰ বংশধৰ । আঙুৰলতা ডেকাই অসমৰ ইতিহাস নাজানে । স্বৰ্গদেউ চাওলুং ছুক্যাফাই সকলো জাতি-জনজাতিক লগত লৈ অসম সৃষ্টি কৰিছিল । আঙুৰলতা ডেকাই অসমৰ ইতিহাস পঢ়ক’’ (ATASU protest in Nagaon)।