নগাঁও, 10 মে’: একেখন ছালিৰ তলত ভাগৱত, কোৰাণ আৰু বাইবেল পাঠ৷ সমন্বয়ৰ বাৰ্তা কঢ়িয়াইছে নগাঁৱৰ বাবা লোকনাথ বৈদিক বিকাশ জনকল্যাণ ন্যাসে ৷ নগাঁও চহৰৰ দক্ষিণ হয়বৰগাঁৱৰ ৬ নং সামাদ্দাৰ পট্টিত থকা বাবা লোকনাথ বৈদিক বিকাশ জনকল্যাণ ন্যাসৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আয়োজন কৰা হয় এখন সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ (All religious prayer meeting in Nagaon)৷
মঙলবাৰে পুৱা এই অনুষ্ঠানটো কুশল চন্দ্ৰ বৰাৰ দ্বাৰা নামঘোষা পাঠৰ জৰিয়তে শুভাৰম্ভণি কৰা হয় ৷ ইয়াৰ পাচতে শিখ ধৰ্মীয় গীত, বাইবেল পাঠ, কোৰাণ পাঠ অনুষ্ঠিত হয় প্ৰাৰ্থনা সভাখনত ৷ ইয়াৰোপৰি বিহাৰী সম্প্ৰদায়ৰ ভজন কীৰ্তন, বঙালী সম্প্ৰদায়ৰ কীৰ্তন ভাগৱত পাঠ, বৰগীত, হনুমান চালিছা পাঠ আৰু দিহানামো পৰিবেশন কৰা হয় এই অনুষ্ঠানত ৷
উক্ত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাখনৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা (MLA Rupak Sarma in prayer meeting)৷ লগতে বিশিষ্ট অতিথি হিচাপে নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাকে প্ৰমুখ্য কৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷