নগাঁও, 13 মে’:শনিবাৰে নগাঁৱত সংবাদমেল আয়োজন কৰি বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে ( Akhil Gogoi organize press conference) । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ কাৰ্যকালৰ পাঁচ বছৰত 2 লাখ নিযুক্তি দিয়াৰ কথা সোঁৱৰাই অখিল গগৈয়ে এতিয়া 23 লাখ নিযুক্তি দিয়াৰ কথা কিয় নকয় বুলি সংবাদমেলত প্ৰশ্ন কৰে বিধায়ক অখিল গগৈ (Akhil Gogoi criticize on Assam CM) ৷
লগতে সকলো অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশিকৰণ কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীক সমালোচনা কৰে অখিল গগৈয়ে । তাৰোপৰি শিলচৰত হোৱা উচ্ছেদক গৰিহণা দি ক্ষতিপূৰণ দিবলৈ দাবী জনায় বিধায়কগৰাকীয়ে । ইফালে শিলসাঁকোত হোৱা অমানৱীয় উচ্ছেদক নিন্দা কৰি ক্ষতিপূৰণ দাবী কৰাৰ লগতে এয়া সংবিধান বিৰোধী কাৰ্য বুলি মন্তব্য কৰে ৰাইজৰ দলৰ নেতাগৰাকীয়ে ।
অসমখন এতিয়া সম্পূৰ্ণৰূপে দুখীয়া হৈ পৰিছে বুলি মন্তব্য কৰি অসমৰ ৰাইজক সামগ্ৰীৰ দামে হতাশাত ভোগাইছে বুলিও মন্তব্য কৰে অখিল গগৈয়ে । কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কিছুমান কাৰ্য আৰু সিদ্ধান্তৰ বাবে আজি অসমৰ অৰ্থনীতি সম্পূৰ্ণ ধ্বংস হৈ পৰিছে ।