কলিয়াবৰ, 18 জুনঃ নগাঁও জিলাৰ কলিয়াবৰত ৰঙা চীনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ চীনৰ ৰাষ্ট্ৰপতি চি. জিং পিঙৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ছাত্ৰ সংগঠনটোৱে।
লাডাখৰ ঘটনাঃ কলিয়াবৰৰ ৰাজপথত তীব্ৰ প্ৰতিবাদ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ - ভাৰত চীন সীমান্ত
ভাৰত চীন সীমান্তৰ লাডাখত চীনা সৈন্যৰ হাতত ইতিমধ্যে 20 জন ভাৰতীয় সেনাৰ মৃত্যুত গৰজি উঠিছে বিভিন্ন দল সংগঠন ৷ ইতিমধ্যে বৃহস্পতিবাৰে কলিয়াবৰতো ৰঙা চীনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য সকলে ৷

উল্লেখ্য যে,ভাৰত চীন সীমান্তৰ লাডাখত চীনা সৈন্যৰ হাতত ইতিমধ্যে 20 জন ভাৰতীয় সেনাৰ মৃত্যু হয় ৷ ইতিমধ্যে উক্ত ঘটনাৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে গৰজি উঠিছে দেশৰ বহু দল সংগঠন ৷ ঠিক একেদৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য সকলে ৰঙা চীনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে চীন দেশৰ বিৰুদ্ধে বিভিন্ন শ্লা'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷ তাৰোপৰি,ৰাইজক চীনা সামগ্ৰীৰ লগতে ম’বাইল এপ বৰ্জন কৰি চীনৰ বিৰুদ্ধে অৰ্থনৈতিক যুঁজ দিবলৈ আহ্বান জনায় সংগঠনটোৰ নেতা সকলে। চীনৰ ৰাষ্ট্ৰপতি চি. জিং পিঙৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ছাত্ৰ সংগঠনটোৱে।লগতে চীনা আক্ৰমণত ছহিদ হোৱা বিশ গৰাকী ভাৰতীয় সেনা জোৱানৰ প্ৰতি শ্ৰদ্ধা জনাই ছাত্ৰ সংগঠনটোৱে বন্তি প্ৰজ্বলন কৰে।
লগতে পঢ়ক- কয়লা মুক্তকৰণ : বাণিজ্যিক নিষ্কাষণৰ বাবে ৪১ টা খনিৰ প্ৰস্তাৱ