অসম

assam

ETV Bharat / city

কাগজকল সন্দৰ্ভত চৰকাৰক স্থিতি স্পষ্ট কৰাৰ আহ্বান AJYCPৰ - অসমৰ জাতীয় স্বাৰ্থ

চৰকাৰৰ বিৰুদ্ধে সৰব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰাণা প্ৰতাপ বৰুৱা । হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক অসমৰ জাতীয় স্বাৰ্থত কাম কৰিবলৈ আহ্বান জনায় ৰাণা প্ৰতাপ বৰুৱাই ।

AJYCP
কাগজকল

By

Published : Sep 6, 2021, 10:10 PM IST

নগাঁও, 6 ছেপ্টেম্বৰ : ‘‘বৰ্তমানৰ চৰকাৰে আন্দোলন প্ৰতিহত কৰিব বিচাৰিছে । অথচ ৰাজ্য চৰকাৰৰ ৮০ শতাংশই ৰাজপথৰ আন্দোলনৰ পৰা নেতা হৈছে । সেই কথা পাহৰি গ’লে নহ'ব । আন্দোলনকাৰীক জেলত ভৰোৱাৰ চক্ৰান্ত কৰিছে চৰকাৰে ।’’ সোমবাৰে নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত এইদৰে মন্তব্য কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰাণা প্ৰতাপ বৰুৱাই ।

লগতে পঢ়ক :সাৱধান ! এইবাৰ গুৱাহাটীত ওলাইছে ব্লে'ড মেন

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক অসমৰ জাতীয় স্বাৰ্থত কাম কৰিবলৈ আহ্বান জনায় ৰাণা প্ৰতাপ বৰুৱাই । কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰকো তীব্ৰ সমালোচনা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতাগৰাকীৰ । কেন্দ্ৰীয় চৰকাৰে এটা এটাকৈ দেশৰ ক্ষুদ্ৰ উদ্যোগসমূহ ব্যক্তিগত কোম্পানীৰ হাতত বিক্ৰী কৰিছে । বিজেপি চৰকাৰখনে সমগ্ৰ ভাৰতবর্ষই কাৰোবাৰ হাতত গতাই দিয়াৰ ষড়যন্ত্ৰ কৰিছে বুলি সন্দেহ ব্যক্ত কৰে ৰাণা প্ৰতাপ বৰুৱাই ।

কাগজকল সন্দৰ্ভত চৰকাৰক স্থিতি স্পষ্ট কৰাৰ আহ্বান AJYCPৰ

লগতে পঢ়ক :ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিল এগৰাকী অসমীয়া চিকিৎসক

আদানী, আম্বানীৰ দৰে বৃহৎ পুঁজিপতিৰ স্বাৰ্থত বৰ্তমানৰ চৰকাৰে কাম কৰি আছে বুলি মন্তব্য কৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতাগৰাকীয়ে । ইফালে দুই কাগজ কল সন্দৰ্ভতো মন্তব্য কৰে ৰাণা প্ৰতাপ বৰুৱাই । কাগজ কল কৰ্মচাৰীৰ ভৱিষ্যতৰ কথা চিন্তা নকৰি চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰি আছে । কাগজ কল কৰ্মচাৰীক আবাস খালী কৰিবলৈ নিৰ্দেশ দিয়াক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জাতীয় সংগঠনৰ নেতাগৰাকীয়ে ।

লগতে পঢ়ক :৮ ছেপ্তেম্বৰত NFR মজদুৰ ইউনিয়নে পালন কৰিব সকিয়নী দিৱস

কাগজ কলক চৰকাৰে কি কৰিব বিচাৰিছে চৰকাৰে তাৰ স্থিতি প্ৰথমে স্পষ্ট কৰক বুলি উল্লেখ কৰে নেতাগৰাকীয়ে । কা' আন্দোলন সন্দৰ্ভত নেতাগৰাকীয়ে কয় যে, অসমত কোনো কাৰণত কা' মানি লোৱা নহ’ব বুলি উল্লেখ কৰি কৰ'ণাসৃষ্ট পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখি কা' বিৰোধী আন্দোলন স্থগিত ৰখা হৈছিল । এতিয়া পুনৰ কা' বিৰোধী আন্দোলন আৰম্ভ কৰাৰ কথাও উল্লেখ কৰে ৰাণা প্ৰতাপ বৰুৱাই । অসমত কোনো কাৰণত নদীবান্ধ মানি লোৱা নহ'ব বুলিও একপ্ৰকাৰ হুংকাৰ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা ৰাণা প্ৰতাপ বৰুৱাই ।

লগতে পঢ়ক :অখিলে দিনত এটা কথা কয় আৰু ৰাতি এটা কথা কয় : প্ৰদ্যুৎ বৰদলৈ

ABOUT THE AUTHOR

...view details