নগাঁও,29আগষ্টঃ অচিৰেই গ্ৰেপ্তাৰ হ'ব পাৰে এ আই ইউ ডি এফ দলৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম । কিয়নো বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে দলীয় কৰ্মীক আক্ৰমণৰ অভিযোগত নগাঁও সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ কেবাটাও ধাৰাত ৰুজু হৈছে গোচৰ । বুধবাৰে এ আই ইউ ডি এফ দলৰ সভাত সংঘটিত মাৰপিটৰ ঘটনাক লৈ বৰ্তমানো অব্যাহত চাঞ্চল্য । এ আই ইউ ডি এফ দলৰ এক সভাত বিধায়ক আমিনুল ইছলাম আৰু আন এক ফৈদৰ মাজত সংঘটিত হৈছিল আক্ৰমণ-প্ৰত্যাক্ৰমনৰ ঘটনা । এই সংঘৰ্ষত আহত হৈছিল দুয়ো ফৈদৰ কেইবাজনো দলীয় কৰ্মী । যাৰ ফলত ৰক্তাক্ত হৈ পৰিছিল সভাস্থলী । এই ঘটনাৰ পিছতেই নগাঁও সদৰ আৰক্ষী থানাত দুয়ো পক্ষই দাখিল কৰা এজাহাৰৰ ভিত্তিত ইতিমধ্যেই ৰুজু হৈছে গোচৰ । দলটোৰ নগাঁও জিলা সমিতিৰ নেতা মোবাৰক আলীয়ে বিধায়ক আমিনুল ইছলাম সহ কেইবাজনো লোকৰ বিৰুদ্ধে আক্ৰমণৰ অভিযোগ উত্থাপন কৰি দাখিল কৰিছে এজাহাৰ । ইপিনে আমিনুল ইছলামৰ পক্ষৰ হৈ দলটোৰ নগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি চম্পক কলিতাই দাখিল কৰা এজাহাৰৰ ভিত্তিত নুৰুল আমিন চৌধুৰী, মোবাৰক আলী আৰু হবিবুৰ ৰহমানৰ বিৰুদ্ধে ৰুজু হৈছে আন এটা গোচৰ ।
গ্ৰেপ্তাৰ হ'ব পাৰে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম ! - স্বাধীনতা দিৱসৰ পতাকা উত্তোলনত বাধা
বিধায়ক আমিনুলৰ বিৰুদ্ধে উত্থাপন হৈছিল দলীয় কৰ্মীক আক্ৰমণৰ অভিযোগ । এ আই ইউ ডি এফৰ সভাত দুই ফৈদৰ মাজত সংঘটিত হৈছিল মাৰপিটৰ ঘটনা । নগাঁও সদৰ থানাত উভয় পক্ষৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ । বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে স্বাধীনতা দিৱসৰ পতাকা উত্তোলনত বাধা প্ৰদানৰো অভিযোগ দলীয় কৰ্মীৰ । যাৰ বাবে গ্ৰেপ্তাৰ হ'ব পাৰে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম ।
গ্ৰেপ্তাৰ হ'ব পাৰে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম !
কেৱল এয়াই নহয় বিধায়ক আমিনুল ইছলাম আৰু এ আই ইউ ডি এফ নেতা চম্পক কলিতাৰ বিৰুদ্ধে দলীয় কৰ্মীয়ে উত্থাপন কৰিছে আন এক বিস্ফোৰক অভিযোগ। বিগত স্বাধীনতা দিৱসত দলটোৰ নগাওঁ জিলা কাৰ্যালয়ত পতাকা উত্তোলনত বাধা প্ৰদানৰ অভিযোগ আমিনুল ইছলাম আৰু চম্পক কলিতাৰ বিৰুদ্ধে। বুধবাৰে অনুষ্ঠিত হোৱা এ আই ইউ ডি এফৰ সভাত দলীয় কৰ্মী মোবাৰক আলীয়ে স্বাধীনতা দিৱসত পতাকা উত্তোলন নকৰা নুৰুল আমিন চৌধুৰীক আমন্ত্ৰণ নকৰা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাৰ বাবেই লংকাকাণ্ড সংঘটিত হোৱাৰ অভিযোগ মোবাৰক আলীৰ।